নেশ্যনেল ডেস্ক,১৬ জুলাই :২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিৰোধী ঐক্যক উৎসাহজনক বুলি ক'ব পাৰি । তাৰ অন্যতম উদাহৰণ দিল্লীত কেন্দ্ৰৰ অধ্যাদেশ । কিয়নো ইতিমধ্যে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰোধিতা কৰিবলৈ সন্মত হৈছে কংগ্ৰেছ । আম আদমি পাৰ্টীৰ মতে কংগ্ৰেছৰ দ্ব্যৰ্থহীন বিৰোধিতা হৈছে এক ইতিবাচক উন্নয়ন ।
উল্লেখ্য যে ১৮ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ'ব বিৰোধী দলৰ বৈঠক । য'ত কংগ্ৰেছে নেতৃত্ব ল'ব । অৱশ্যে, বেংগালুৰুত কেইবাটাও বিৰোধী দলৰ উপস্থিতিত হ'বলগীয়া বৈঠকত আপে অংশগ্ৰহণ কৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । কিয়নো দলটোৱে পূৰ্বে ঘোষণা কৰিছিল যে যদি কংগ্ৰেছে সংসদত দিল্লী অধ্যাদেশৰ বিৰোধিতা কৰাত আপক সমৰ্থন আগবঢ়ায় তেতিয়াহে তেওঁলোকে বিৰোধী ঐক্যমঞ্চত যোগদান কৰিব ।
ইটিভি ভাৰতে পূৰ্বে এক প্ৰতিবেদনত উল্লেখ কৰিছিল যে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে ২০ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত দলটোৱে বিতৰ্কিত দিল্লী অধ্যাদেশৰ বিৰোধিতা কৰাৰ স্পষ্ট ইংগিত দিছে ।