নিউজ ডেস্ক, 13 মে’:কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনা পূৰ্ণগতিত চলি আছে ৷ বৰ্তমানলৈকে কংগ্ৰেছ দলে ব্যাপকভাৱে অগ্ৰগতি লাভ কৰি থকা দেখা গৈছে ৷ প্ৰাৰম্ভিক গণনা অনুসৰি 122 খন আসনত দলটোৱে অগ্ৰগতি লাভ কৰিছে (Karnataka poll counting) ৷
নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে কৰ্ণাটকত 71 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ ইফালে জনতা দল (চেকুলাৰ)এ 24 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়ে 5 খন আসনত, ৰাজ্য প্ৰগতি পক্ষ আৰু সৰ্বোদয়া কৰ্ণাটক পক্ষই এখনকৈ আসনত অগ্ৰগতি লাভ কৰিছে (Karnataka assembly poll updates) ৷
পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগণনাত বৰ্তমানলৈকে কংগ্ৰেছ দলে বিজেপিতকৈ প্ৰায় 8 শতাংশ অগ্ৰগতি লাভ কৰিছে ৷ ৰাজ্যখনৰ মুঠ 224 খন আসনৰে অগ্ৰগতিৰ তথ্য ইতিমধ্যে আহি পৰিছে ৷ বৰ্তমানলৈকে কংগ্ৰেছে 43 শতাংশ জনমত লাভ কৰাৰ বিপৰীতে বিজেপিয়ে 36 শতাংশ জনমত লাভ কৰিছে ৷ জেডিএছ দলে লাভ কৰিছে 13 শতাংশ জনমত ৷ কংগ্ৰেছে ইতিমধ্যে মেজিক নাম্বাৰ 113 অতিক্ৰম কৰিবলৈ সক্ষম হৈছে অগ্ৰগতিৰ ক্ষেত্ৰত (Karnataka poll latest news) ৷