নেশ্যনেল ডেস্ক, 7 মে’ :শনিবাৰে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চিত্তপুৰা বিজেপিৰ প্ৰাৰ্থী মণিকান্ত ৰাথোৰৰ বিৰুদ্ধে দাখিল কৰা হয় এক এজাহাৰ । কংগ্ৰেছ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰৰ নেতৃত্বত এটা প্ৰতিনিধি দলে বেংগালুৰুৰ হাই গ্ৰাউণ্ডছ থানাত দাখিল কৰে এই এজাহাৰ (Congress complaint against PM Modi and Manikant Rathore)।
কংগ্ৰেছে অভিযোগ দাখিল কৰিছিল যে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ ভাষণত কৈছিল যে কংগ্ৰেছে সন্ত্ৰাসবাদক সমৰ্থন কৰে । আনহাতে, বিজেপি প্ৰাৰ্থী মণিকান্ত ৰাথোৰে মল্লিকাৰ্জুন খৰ্গে আৰু পৰিয়ালক হত্যাৰ ভাবুকিও প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে । এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চিত্তপুৰা বিজেপিৰ প্ৰাৰ্থী মণিকান্ত ৰাথোৰৰ থানাত দাখিল কৰে এই এজাহাৰ (Karnataka elections 2023) ৷
কংগ্ৰেছৰ অভিযোগ, ‘‘ প্ৰদানমন্ত্ৰী মোডীয়ে মিছা তথা আভুৱা ভৰা কথাৰে ভোটাৰক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল ৷ লগতে কংগ্ৰেছ দলটোক কলংকিত কৰাৰ এক হতাশজনক চেষ্টা কৰিছিল’’ । লগতে বিৰোধী দলে আৰক্ষীক, “বিস্তৃত তদন্ত কৰি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে FIR দাখিল কৰিবলৈ আহ্বান জনায়’’ ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক জনসভাত কংগ্ৰেছে ভোট বেংকৰ স্বাৰ্থত সন্ত্ৰাসবাদক লালন-পালন কৰে বুলি কৰিছে মন্তব্য কৰে ৷ যাৰ বাবে শনিবাৰে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ লিখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় কংগ্ৰেছ দলটোৱে ৷ কংগ্ৰেছে উল্লেখ কৰা অনুসৰি বিজেপিয়ে ভোটবেংকৰ স্বাৰ্থত লক্ষ্মণ ৰেখা পাৰ কৰিছে বুলি মন্তব্য কৰে ।