নেশ্যনেল ডেস্ক,১ আগষ্ট :এইবছৰৰে শেষৰফালে মধ্যপ্ৰদেশত নিৰ্বাচন অনুষ্ঠিত হ'ব । যাৰ বাবে কংগ্ৰেছ দলে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে । বিজেপি শাসিত মধ্যপ্ৰদেশত জনসমৰ্থনক ভোটলৈ ৰূপান্তৰ কৰিবলৈ বিশেষ পদক্ষেপ লোৱা হৈছে । কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৰাজ্যখনৰ জনসমৰ্থনক ভোটলৈ ৰূপান্তৰ কৰিবলৈ এআইচিচি পৰ্যবেক্ষকসকলক লোকসভা সমষ্টি অনুসৰি নিযুক্তি দিছে ।
মধ্যপ্ৰদেশৰ দায়িত্বত থকা এআইচিচিৰ নেতা জে পি আগৰৱালাই কোৱা মতে ৰাজ্যখনত কংগ্ৰেছৰ বাবে এটা বৃহৎ সুযোগ আছে । সুশাসনৰ অভাৱ আৰু দুৰ্নীতিৰ বিষয়ত ৰাইজ বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে । কিন্তু কংগ্ৰেছৰ প্ৰত্যাহ্বান হ'ল জনসমৰ্থনক ভোটলৈ ৰূপান্তৰ কৰা । দেশৰ জ্যেষ্ঠ নেতা এআইচিচি পৰ্যবেক্ষকসকলে দলটোক সেই উদ্দেশ্যত উপনিত হোৱাত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।
ইফালে মধ্যপ্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শোভা ওজাই কয় যে এআইচিচি পৰ্যবেক্ষকসকলে বিধানসভা আসনৰ পৰ্যায়ত দলটোক নেতৃত্বৰ অতিৰিক্ত স্তৰ প্ৰদান কৰিব । লোকসভা সমষ্টিৰ দায়িত্বত থকা ব্যক্তিগৰাকীয়ে প্ৰকৃততে তেওঁৰ অধীনত আহিব লগা প্ৰায় ৮ খন বিধানসভা আসন তদাৰক কৰিব । তেওঁলোকে ভোটাৰৰ সংখ্যা সৰ্বাধিক কৰাৰ বাবে বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতেও সমন্বয় স্থাপন কৰিব ।
তেওঁ লগতে কয় যে নিৰ্বাচনৰ সময়ত কেইবাটাও সমস্যা আহিব । যাৰ বাবে দায়িত্বত থকা এআইচিচি বা প্ৰদেশ কংগ্ৰেছৰ সভাপতিক দোষাৰোপ কৰিব নোৱাৰি । কিন্তু সেইবোৰ হাইকমাণ্ডক জনোৱা অতি প্ৰয়োজন । এই ক্ষেত্ৰত এআইচিচিৰ পৰ্যবেক্ষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তেওঁলোকে নিৰ্বাচনত যুঁজ দিয়াৰ অভিজ্ঞতা শ্বেয়াৰ কৰে আৰু স্থানীয় নেতা তথা কৰ্মীসকলৰ ওপৰত প্ৰভাৱ পেলায় ।