অসম

assam

ETV Bharat / bharat

Congress check bounce: ভুক্তভোগী পৰিয়ালক কংগ্ৰেছ নেতাই দিয়া তিনিখনকৈ চেক বাউঞ্চ

উত্তৰ প্ৰদেশৰ খেৰীত তিনি কংগ্ৰেছ নেতাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু । দুই দলিত ভগ্নীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ(Rape murder of dalit sisters) ভুক্তভোগী পৰিয়ালক কংগ্ৰেছ নেতাকেইগৰাকীয়ে প্ৰদান কৰা তিনিখনকৈ চেক বাউঞ্চ হোৱাৰ অভিযোগ । আৰক্ষীয়ে নেতাকেইগৰাকীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু ১৩৮ এনআই আইনৰ অধীনত ৰুজু কৰিছে গোচৰ ৷

Rape murder of dalit sisters
ভুক্তভোগী পৰিয়ালক কংগ্ৰেছ নেতাই দিয়া চেক বাউন্স

By

Published : Nov 26, 2022, 9:11 PM IST

নিউজ ডেস্ক, ২৬ নৱেম্বৰ: উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ নিঘাচানত দুগৰাকী দলিত ভগ্নীক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ পিছত, ভুক্তভোগী পৰিয়ালটোক কংগ্ৰেছী নেতাই প্ৰদান কৰা চেক বাউঞ্চ হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে(Rape and Murder Case) ৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ আনহাতে অভিযুক্ত কংগ্ৰেছ নেতাকেইজনৰ বিৰুদ্ধে নিঘাচন কোতৱালীত এটা গোচৰ ৰুজু কৰা হৈছে । কংগ্ৰেছ নেতাকেইজনৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগত এনআই আইনৰ অধীনত এই অভিযোগ ৰুজু কৰা হৈছে(Case registered against congress leader) ।

স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, অভিযুক্ত কংগ্ৰেছ নেতাকেইজনৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু অন্যান্য ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে(Fraud case register against Congress leader) । উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খিৰিৰ নিঘাচন কোতৱালী অঞ্চলত ১৪ ছেপ্টেম্বৰত দুগৰাকী দলিত ভগ্নীৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল । আৰক্ষীৰ তদন্তত দুয়োগৰাকী ভগ্নীক ধৰ্ষণৰ পাছত হত্যা কৰাৰ কথা পোহৰলৈ আহে ৷

এই ঘটনাৰ লগত জড়িত থকা সন্দেহ আৰক্ষীয়ে 5 অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে ৷ আনহাতে এই হত্যাকাণ্ডই উত্তৰ প্ৰদেশৰ ৰাজনীতিতো প্ৰভাৱ পেলাইছিল ৷ কংগ্ৰেছ, সমাজবাদী পাৰ্টি, বিএছপিকে ধৰি বিভিন্ন দল সংগঠনৰ নেতাই ভুক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰিছিল ৷ ইফালে, কংগ্ৰেছ নেতাসকলে ভুক্তভোগীৰ পৰিয়ালক দুখন চেক প্ৰদান কৰিছিল ।

উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ ৱাই কে শৰ্মাই ভুক্তভোগী পৰিয়ালটোক এখন চেক (Congress check bounces in UP) প্ৰদান কৰিছিল । আনহাতে কংগ্ৰেছ বিধায়ক বীৰেন্দ্ৰ কুমাৰে আনখন চেক পৰিয়ালটোক দিছিল । একে সময়তে, আন এজন কংগ্ৰেছ নেতা অমিত জানিয়েও পৰিয়ালটোক এখন চেক দিছিল । কিন্তু তিনিখন চেকেই বাউঞ্চ হয় ।

ইয়াত, কংগ্ৰেছ নেতাসকলে দিয়া দুখন চেক স্বাক্ষৰ নথকাৰ বাবে বাউঞ্চ হয় । আনহাতে, অমিত জানিৰ চেকখন একাউণ্টত ধন নথকাৰ বাবে বাউঞ্চ হয় । ইয়াৰ পাছতেই ভুক্তভোগী পৰিয়ালটোৱে শুকুৰবাৰে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত জালিয়াতিৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে । সম্প্ৰতি ঘটনা সন্দৰ্ভত বীৰেন্দ্ৰ কুমাৰ, ৱাই কে শৰ্মা আৰু অমিত জানিৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু ১৩৮ এনআই আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

কংগ্ৰেছৰ জিলা সভাপতি প্ৰহ্লাদ পেটেলে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় য়ে, স্বাক্ষৰৰ অভাৱত বাউন্স হোৱা চেক দুখন পুনৰ সংশোধন কৰা হ'ব । ৰাজনৈতিক বিদ্বেষৰ সুযোগ গ্ৰহণ কৰি শাসকীয় দলৰ সহযোগত এই এজাহাৰখন দাখিল কৰা হৈছে । যাতে দলটোক বদনাম কৰিব পৰা যায় । কংগ্ৰেছ দলে কৃষকসকলক কোটি কোটি টকাৰ সহায় কৰিছে আৰু টিকুনিয়াৰ ঘটনাত ভুক্তভোগী সকলৰ পৰিয়ালকো সহায় কৰিছে । কংগ্ৰেছ দলটো ভুক্তভোগীসকলৰ সৈতে আছে আৰু সদায় থাকিব । এই ঘটনা প্ৰকৃততে বিজেপিৰ নিৰ্দেশত বদনাম কৰাৰ ষড়যন্ত্ৰহে ।

লগতে পঢ়ক:Assam Meghalaya Border conflict: মেঘালয়ত অৰ্ধসামৰিক বাহিনীৰ চাৰিটা কোম্পানী মোতায়েন

ABOUT THE AUTHOR

...view details