নেচনেল ডেস্ক,14 এপ্ৰিল: কৰ’ণা সংক্ৰমণৰ পিছতো দেশৰ বহু কেইখন ৰাজ্যত চলিছে নিৰ্বাচন ৷ ১৭ এপ্ৰিলত অনুষ্ঠিত হ'ব উৰিষ্যাৰ পিপিলি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৷ তেনে সময়তে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী অজিত মংগৰাজৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ উল্লেখ্য যে, ৭ এপ্ৰিলত অজিত মংগৰাজ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত গুৰুতৰভাৱে অসুস্থ হৈ পৰাত এপ’ল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ শনিবাৰে তেওঁৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি ধৰা পৰে ৷
ক’ভিড আইচিইউত ক্ৰিটিকেল কেয়াৰত এদল বিশেষ চিকিৎসকৰ দলৰ তত্বাৱধনাত চিকিৎসাধীন হৈ আছিল মংগৰাজ ৷ অৱশ্যে সাত দিন ধৰি ক’ভিডৰ সংক্ৰমণৰ সৈতে সাহসেৰে যুঁজ দিয়াৰ পিছত বুধবাৰে আবেলি প্ৰায় 4 বজাত 53 বছৰীয়া মংগৰাজে মৃত্যুবৰণ কৰে ৷