অসম

assam

ETV Bharat / bharat

Bharat Jodo Yatra: 30 জানুৱাৰীত শ্ৰীনগৰত অন্ত পৰিব ভাৰত জোড়ো যাত্ৰা - Bharat Jodo Yatra

7 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব 30 জানুৱাৰীত ৷ জম্মু-কাশ্মীৰত অন্ত পৰিব কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ ৷ এই যাত্ৰা অন্ত পৰাৰ পিছতে কংগ্ৰেছে আৰম্ভ কৰিব হাত ছে হাত জোৰো (Hath se hath jodo) যাত্ৰা ৷

Bharat Jodo Yatra
30 জানুৱাৰীত শ্ৰীনগৰত অন্ত পৰিব ভাৰত জোৰো যাত্ৰা

By

Published : Jan 2, 2023, 8:50 PM IST

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী:30 জানুৱাৰীত অন্ত পৰিব কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra) ৷ উল্লেখ্য যে, 7 ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা ৰাহুল গান্ধীৰ(Rahul Gandhi) নেতৃত্বত আৰম্ভ হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা ৷ শ্ৰীনগৰত ৰাহুল গান্ধীয়ে জাতীয় পতাকা উত্তোলন কৰি আনুষ্ঠানিকভাৱে সামৰণি পেলাব ভাৰত জোড়ো যাত্ৰাৰ(Bharat Jodo Yatra to end in Srinagar) ৷ এই কথা সদৰি কৰিছে কংগ্ৰেছ নেতা কে চি বেণুগোপালে(KC Venugopal) ৷

সংবাদমাধ্যমৰ আগত কে চি বেনুগোপালে কয় যে, ‘‘30জানুবাৰীত ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিলেও এই যাত্ৰাই ইতিমধ্যেই সফলতা লাভ কৰিবলৈ আৰু ইয়াৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে ৷ ভাৰত জোড়ো যাত্ৰাৰ মূল লক্ষ্য আছিল ভাৰতৰ ৰাইজক একত্ৰিক কৰা ৷ এই ভাৰত জোড়ো যাত্ৰাই সকলো ভাৰতীয়ৰ মনৰ কথাক প্ৰতিনিধিত্ব কৰিছে ৷’’

জম্ম-কাশ্মীৰ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰমন ভাল্লাই (Raman Bhalla) শ্ৰীনগৰত 30 জানুৱাৰীত ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব বুলি সদৰি কৰিছে ৷ ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানৰ বাবে শ্ৰীনগৰত নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰত অধিক গুৰত্ব প্ৰদান কৰা হৈছে বুলিও ইটিভি ভাৰতৰ আগত উল্লেখ কৰে জম্মু-কাশ্মীৰ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷

3500 কিলোমিটাৰ লক্ষ্য হিচাপে বান্ধি লোৱা এই পদযাত্ৰাত প্ৰকৃততে কিমান কিলোমিটাৰ অতিক্ৰম কৰা হ’ল বা ৰাহুল গান্ধীৰ সৈতে কিমান লোকে এই যাত্ৰাত সহযোগিতা আগবঢ়ালে তাৰ হিচাপ আগবঢ়াব নোৱাৰি ৷ কিন্তু যাত্ৰা পথত ৰাহুল গান্ধীক আলিংগন কৰি কান্দি উঠা লোকসকলেই প্ৰমাণ কৰিছে এই যাত্ৰাৰ সফলাতা ৷ সংবাদমাধ্যমৰ আগত এই মন্তব্য কংগ্ৰেছ নেতা কে চি বেণুগোপালৰ ৷

উল্লেখ্য যে, কন্যাকুমাৰীৰ পৰা কাশ্মীৰক সাঙুৰি লোৱা এই বিশাল ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰাৰ পিছতেই কংগ্ৰেছে আৰম্ভ কৰিব ‘হাত ছে হাত জোড়ো’(Hath se hath jodo) যাত্ৰা ৷ দুমাহৰ বাবে কংগ্ৰেছে আৰম্ভ কৰিব ‘হাত ছে হাত জোড়ো’ যাত্ৰা ৷ আনহাতে দেশৰ সৰ্ববৃহৎ তথা পুৰণি ৰাজনৈতিক দলটোৱে 24 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত কৰিব ৮৫ তম পূৰ্ণাংগ অধিৱেশন (Congress 85th Plenary Session) ৷

এই অধিৱেশনতে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব(CWC Election) ৷ লগতে এই অধিৱেশনত দলৰ নেতাসকলে ৰাজনীতি, অৰ্থনীতি, কৃষক, নিৰাপত্তা, সামাজিক সম্প্ৰীতি, শিক্ষা আৰু যুৱকসকলক বিষয় হিচাপে হৈ বিতৰ্ক অনুষ্ঠিত কৰি সিদ্ধান্ত গ্ৰহণ কৰিব ৷ আনহাতে এই অধিৱেশনৰ সভাপতিত্ব কৰিব মল্লিকাৰ্জুন খাৰ্গেয়ে (President Mallikarjun Kharge) ৷

লগতে পঢ়ক:Bhabesh Kalita on Congress: ৰঙিয়াত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা ভৱেশ কলিতাৰ

ABOUT THE AUTHOR

...view details