নিউজ ডেস্ক, 10 জুন: " নৰেন্দ্ৰ মোদীয়ে যোৱা ন বছৰত 100 লাখ কোটি টকাৰ ঋণ লৈছে । মোদীৰ পূৰ্বে থকা 14 জন প্ৰধানমন্ত্ৰীয়ে মুঠ প্ৰায় 45 লাখ কোটি টকাৰ ঋণ লৈছিল (Congress accuses Modi govt )। এই চৰকাৰৰ অধীনত, দেশৰ ঋণৰ বোজা 2014 চনৰ 55 লাখ কোটি টকাৰ পৰা 155 লাখ কোটি টকালৈ বৃদ্ধি হৈছে। এইটোৱেই মোদী চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাৰ অপব্যৱহাৰ ছবি পোহৰল অনাৰ লগতে লগতে দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে ৷ ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক অত্যাৱশ্যকীয় সামগ্ৰী অধিক মূল্যত ক্ৰয় কৰিবলৈ বাধ্য কৰাইছে (Congress slammed Modi government)৷ আমি চৰকাৰক দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত এখন শ্বেতপত্ৰ উলিয়াবলৈ দাবী জনাইছো, ৷" দেশত ক্ৰমাৎ বৰ্ধিত ঋণৰ বোজাক লৈ সৰৱ হৈ এই মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে (Congress accuses Modi govt of economic mismanagement) ।
কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, " দেশৰ অৰ্থনীতি হেডলাইন মেনেজমেণ্ট আৰু হোৱাটছএপ্প ফৰৱাৰ্ডৰ জৰিয়তে পৰিচালনা কৰিব নোৱাৰি (Congress demands white paper)। দেশৰ অৰ্থনীতি পৰিচালনা কৰিবলৈ পাকৈত অৰ্থনৈতিক পৰিচালকৰ প্ৰয়োজন। দেশত অত্যাধিক ঋণৰ বোজাৰ ফলস্বৰূপে, প্ৰতিজন ভাৰতীয়ৰ এতিয়া 1.20 লাখ টকাৰ ঋণ আছে আনহাতে ধনীসকলে ইয়াৰ পৰা লাভান্বিত হৈছে ৷"
কংগ্ৰেছী নেত্ৰীগৰাকীয়ে 2020 চনৰ কেগ (CAG) ৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কৈছিল যে ভাৰতৰ কৰ আৰু জিডিপি অনুপাত 52 শতাংশত উপনীত হৈছেহি (PM took debt of Rs 100 lakh crores)। দেশত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়েহে অৰ্থনৈতিক অপব্যৱহাৰৰ ফল ভুগিছে ৷ ফলত ধনীসকল অধিক ধনী হৈছে আৰু দুখীয়াসকল দিনক দিনে দুখীয়া হৈ গৈ আছে (Congress spokesperson Supriya Shrinate) ৷"