নেশ্যনেল ডেস্ক, ২১ মে':সম্প্ৰতি চৰ্চাত হিমাচল প্ৰদেশ বিধানসভাৰ উপাধ্যক্ষ হংসৰাজ । হংসৰাজৰ এটা ভিডিঅ' ব্যাপকভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈছে । ভাইৰেল ভিডিঅ'টোত উপাধ্যক্ষগৰাকীয়ে ৰাইলাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে কথা পাতি আছে আৰু তেনে সময়তে বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে এগৰাকী শিক্ষাৰ্থীক প্ৰহাৰ কৰিছে (Hansraj slapping a student in a government school in Raila)। এই ভিডিঅ'ক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
সূত্ৰৰ মতে উপাধ্যক্ষগৰাকীয়ে হঠাৎ চম্বাৰ ৰাইলা গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শনৰ বাবে উপস্থিত হয় । তেওঁ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সৈতে ক'ভিড মহামাৰী আৰু টীকাকৰণৰ বিষয়ে কথা পাতি আছিল । এই সময়ত, এগৰাকী শিক্ষাৰ্থীয়ে হাঁহি আছিল । ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে যে হংসৰাজে ছাত্ৰজনক কিয় হাঁহিছে সুধিছে আৰু তেওঁক এটা চৰ সোধাইছে (Himachal Assembly deputy speaker thrashes student)।
ছাত্ৰজনক চৰ সোধাই তেওঁ প্ৰশ্ন কৰে যে ইয়াত কোনো মাদাৰী খেল চলি আছে নেকি ? বিধানসভাৰ এগৰাকী উপাধ্যক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এনে আচৰণ কৰাৰ বাবে বহুলোকে তেওঁক সামাজিক মাধ্যমত সমালোচনা কৰিছে ।