নেশ্যনেল ডেস্ক,৬ নৱেম্বৰ :ছত্তীশগড়ত মঙলবাৰে অৰ্থাৎ কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে সোমবাৰে কংগ্ৰেছে ছত্তীশগড়ত ভোটদানৰ দিনটোক লৈ বিশেষ ৰণনীতি পৰ্যালোচনা কৰিছে । কংগ্ৰেছে বুথ পৰ্যায়ৰ দলসমূহক সতৰ্কতা অৱলম্বন কৰাৰ লগতে সৰ্বাধিক ভোটদান নিশ্চিত কৰিবলৈ আহ্বান জনায় ।
উল্লেখ্য যে মাওবাদী প্ৰভাৱিত বস্তাৰ অঞ্চলত থকা ২০ খন বিধানসভা আসনত ৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ২০১৮ চনৰ নিৰ্বাচনত বস্তাৰ অঞ্চলৰ ২০ খন আসনৰ ভিতৰত ১১ খন আসন লাভ কৰা কংগ্ৰেছে এইবাৰো সেই নিৰ্বাচনৰ পুনৰাবৃত্তি কৰিবলৈ আগ্ৰহী ।
দলীয় সূত্ৰৰ মতে কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰতিনিধিসকলক ৭ নৱেম্বৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ ওপৰত নজৰ ৰাখিবলৈ কোৱা হৈছে । লগতে, দলৰ শীৰ্ষ নেতৃত্বই বুথ পৰ্যায়ৰ কৰ্মীসকলক প্ৰতিদ্বন্দী বিজেপিৰ যিকোনো দুষ্কাৰ্য্যৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু ভোটাৰসকলক সজাগ কৰিবলৈ আহ্বান জনাইছে । ছত্তীশগড়ৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সচিব সপ্তগিৰি উলাকাই দাবী কৰা মতে বিজেপি প্ৰতিযোগিতাত নাই যদিও দলীয় কৰ্মীসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে । নেতাগৰাকীয়ে ইটিভি ভাৰতক কোৱা মতে ভোটগ্ৰহণ সুচাৰুৰূপে অনুষ্ঠিত হোৱা নিশ্চিত কৰিবলৈ প্ৰাৰ্থী আৰু স্থানীয় সংগঠনসমূহৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিব ।
দলৰ ভিতৰুৱা সূত্ৰৰ মতে বস্তাৰত কংগ্ৰেছৰ প্ৰাৰম্ভিক লক্ষ্য আছিল ৬ খন আসন । যাৰ বাবে স্থানীয় বুথ পৰ্যায়ৰ সংগঠনবোৰক ভোটদানৰ দিনটোৰ বাবে পুনৰ গঠন আৰু প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । লগতে, দলীয় কৰ্মীসকলক বস্তাৰৰ মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত ৰাজ্য চৰকাৰৰ কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈও কোৱা হৈছিল ।