নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ: বৰ্ধিত নিবনুৱা সমস্যাক লৈ পুনৰ সৰৱ কংগ্ৰেছ । নতুন বছৰৰ আৰম্ভণিৰে পৰা পুনৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে দলটোৱে (Congress to launch agitation against Centre over unemployment)। বুধবাৰে এই বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যেৰে কংগ্ৰেছৰ আন্দোলন সমিতিৰ বৈঠক অনুষ্ঠিত হয় ।
১৫ জিআৰজিত আয়োজিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থাকে দিগ্বিজয় সিং, প্ৰিয়ংকা গান্ধী, উদিত ৰাজ, নীতা ডিচুজা, বি ভি শ্ৰীনিবাস, ৰাগিণী নায়কৰ লগতে দলটোৰ নেতৃবৰ্গ । নিবনুৱা সমস্যা সমাধানৰ দাবী আৰু ৰাজহুৱা খণ্ডৰ সম্পদৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব বিৰোধী দলটোৱে (Congress to stages protest against Central Govt) । মুদ্ৰাস্ফীতিৰো বিৰোধিতা কৰি আহিছে দলটোৱে ।