নেশ্যনেল ডেস্ক, 6 জুলাই : সমাগত তেলেংগানা বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনমুখী তেলেংগানাত কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী কুচ কাৱাজ আৰম্ভ কৰিছে ৷ ৰাজ্যিক কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে আগষ্টত মহিলা, কৃষক আৰু দলিতসকলৰ বাবে পৃথকে পৃথকে ঘোষণা পত্ৰ আৰম্ভ কৰিবলৈ মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেতা প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু ৰাহুল গান্ধীক আতিথ্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
"আমি খাৰ্গেজী, প্ৰিয়ংকাজী আৰু ৰাহুলজীক এই মাহত কৃষক, দলিত আৰু মহিলাসকলৰ ওপৰত ঘোষণা পত্ৰ আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছো ৷ প্ৰিয়ংকাই 30 জুলাইত তেলেংগানালৈ অহাৰ কথা আছিল, কিন্তু বৃষ্টিপাতৰ বাবে সেই অনুষ্ঠানটো পিচুৱাই দিয়া হৈছিল ৷ ইয়াৰ পিচতে তেওঁৰ ৰেলীৰ বাবে নতুন তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ৷" তেলেংগানাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰভাৰী মাণিকৰাও ঠাকৰেয়ে ইটিভি ভাৰতক জানিবলৈ দিয়ে ৷
"ঘোষণাসমূহত সমাজৰ বিভিন্ন স্তৰৰ কল্যাণৰ বাবে দলৰ প্ৰতিশ্ৰুতি থাকিব ৷ ঘোষণাসমূহ শেষ হোৱাৰ পিচত ৰাজ্যিক গোটৰ মুৰব্বী ৰেৱন্ত ৰেড্ডী আৰু চিএলপি নেতা ভাট্টি বিক্ৰমাৰ্কাকে ধৰি ৰাজ্যখনৰ জ্যেষ্ঠ নেতাসকলে এক ঐক্যবদ্ধ দল প্ৰস্তুত কৰিবলৈ আৰু ভোটাৰসকলৰ মাজত দলৰ প্ৰতিশ্ৰুতি প্ৰচাৰ কৰিবলৈ ৰাজ্যজুৰি বাছ যাত্ৰা উলিয়াব," তেওঁ উল্লেখ কৰে ৷