নিউজ ডেস্ক, ১ জুন :বৃহস্পতিবাৰে কংগ্ৰেছে প্ৰকাশ কৰিছে যে পাটনাত ১২ জুনত অনুষ্ঠিত হ'বলগীয়া বিৰোধী দলবোৰৰ বৈঠকত দলটোৱে অংশগ্ৰহণ কৰিব (Cong to attend opposition parties meeting) । অৱশ্যে উক্ত বৈঠকত দলটোৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিব সেই বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই । উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউ নেতা নীতিশ কুমাৰে বৈঠকখন আহ্বান কৰিছে (Meeting of Opposition Parties in Patna) ।
"পাটনাত বিৰোধী নেতাসকলৰ ১২ জুনৰ বৈঠকত কংগ্ৰেছে নিশ্চিতভাৱে অংশগ্ৰহণ কৰিব । অৱশ্যে কোনে অংশগ্ৰহণ কৰিব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । কংগ্ৰেছ দলে শীঘ্ৰেই এই সন্দৰ্ভত সিদ্ধান্ত ল'ব ।" এআইচিচিৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে সাংবাদিকৰ আগত এনেদৰে কয় (AICC general secretary Jairam Ramesh) । "কিন্তু কংগ্ৰেছে নিশ্চিতভাৱে উক্ত বিৰোধী দলৰ বৈঠকত উপস্থিত থাকিব ।" তেওঁ এইদৰে দৃঢ়তাৰে কয় ।
উল্লেখ্য, ৰাহুল গান্ধী বৰ্তমান আমেৰিকা ভ্ৰমণত আছে (Rahul Gandhi USA visit) । আনহাতে, কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই পাটনা বৈঠকত দলটোক প্ৰতিনিধিত্ব কৰিবনে নাই সেই বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই (Congress chief Mallikarjun Kharge) । ইয়াৰ উপৰি কংগ্ৰেছে দেশত বিৰোধীৰ ক্ষেত্ৰত প্ৰাধান্য দাবী কৰি আহিছে । কিয়নো ই হৈছে এক সৰ্ববৃহৎ দল যাৰ সমগ্ৰ ভাৰতৰ প্ৰতিখন ৰাজ্যতে ভিত্তি আছে । কংগ্ৰেছ নেতাসকলে দাবী কৰিছে যে কেৱল তেওঁলোকৰ দলহে যিকোনো যুটীয়া বিৰোধী মঞ্চৰ কেন্দ্ৰবিন্দু হ'ব পাৰে ।