নেশ্যনেল ডেস্ক,২১ ফেব্ৰুৱাৰী :‘‘আমি এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ অভিযানলৈ ভয় নকৰো ।’’ এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ (KC Venugopal reacts over ED raid)। মঙলবাৰে ইডিৰ অভিযানক "ৰাজনৈতিক প্ৰতিহিংসা" বুলি গৰিহণা দি তেওঁ কয় যে, এনে ধৰণৰ কাৰ্যই কংগ্ৰেছক ভয় খুৱাব নোৱাৰে । বেণুগোপালে লগতে কয় যে, কংগ্ৰেছে আইনৰ মতেই ইয়াৰ বিৰুদ্ধে যুঁজ দিব ।
তেওঁ দাবী কৰে যে, যেতিয়াই নিৰ্বাচন আহে তেতিয়াই ইডি আহে । তেওঁলোকে আগৰ পৰাই এই কথা জানিছিল । এই সত্য সমগ্ৰ দেশে জানে বুলিও তেওঁ দাবী কৰে । স্বামী বিবেকানন্দ বিমানবন্দৰত কে চি বেণুগোপালে সাংবাদিকৰ আগত কয় যে, কংগ্ৰেছে ইডিৰ অভিযানক ভয় নকৰে । কংগ্ৰেছৰ নেতাসকলৰ দেশৰ আইনৰ ওপৰত বিশ্বাস আছে আৰু কংগ্ৰেছে আইন অনুসৰি যুঁজ দিব (KC Venugopal slams ED)। কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশন আহি থকা সময়ত এনে ধৰণৰ অভিযান অস্বাভাৱিক নহয় বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে ।
উল্লেখ্য যে, ৰায়পুৰত ২৪ ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছৰ ৮৫ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি তদাৰক কৰিবলৈ বেণুগোপাল ৰায়পুৰত উপস্থিত হয় (Congress 85th plenary session at Raipur)। তেওঁ দলীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব আৰু তাৰ পাছত দিল্লীলৈ ৰাওনা হ'ব ।