নিউজ ডেস্ক, 26 এপ্ৰিল :মঙলবাৰে কেৰেলাত সংঘটিত হ’ল এক অদ্ভূত ঘটনা ৷ কংগ্ৰেছৰ সাংসদ ভি কে শ্ৰীকন্দনক প্ৰশংসা কৰা কিছু পোষ্টাৰ সাংসদ,গৰাকীৰ সমৰ্থকে মঙলবাৰে শুভাৰম্ভ কৰা বন্দে ভাৰত এক্সপ্ৰেছত লগায় ৷ বন্দে ভাৰত এক্সপ্ৰেছ শোৰানুৰ জংচনত উপস্থিত হোৱাৰ পিছতেই এই ঘটনা ঘটে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে তিৰুৱন্তপুৰম-কাচাৰাগোড পথত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিছিল (Vande Bharat Train In Kerala) ।
বন্দে ভাৰত এক্সপ্ৰেছত পোষ্টাৰ লগোৱা ঘটনাই এতিয়া কেৰালাত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মৌখিক বিবাদৰ সূচনা কৰিছে আৰু দুয়োপক্ষই এটাই আনটোক উপহাস কৰিছে । দূৰদৰ্শন চেনেলসমূহৰ দ্বাৰা সম্প্ৰচাৰিত ফুটেজত আৰপিএফ জোৱানসকলে পালাক্কাডৰ কংগ্ৰেছ সাংসদ শ্ৰীকন্দনৰ পোষ্টাৰ আঁতৰোৱা দেখা গৈছিল । বিষয়াসকলে কৈছিল যে, চেমী-হাই স্পীডৰ ৰে'লখনৰ শোৰানুৰ জংচনত ষ্টপেজ থকাটো নিশ্চিত কৰাৰ বাবে সাংসদজনৰ প্ৰশংসাত কিছু লোকে ৰে'লখনত পোষ্টাৰ লগাইছিল (Shoranur station)।
ৰে’লখন শোৰানুৰ ষ্টেচনত উপস্থিত হোৱাৰ পিছত ঘটনাটো সংঘটিত হৈছিল । বন্দে ভাৰত এক্সপ্ৰেছৰ আগমনক আদৰণি জনোৱাৰ বাবে সাংসদ গৰাকী আৰু তেওঁৰ সমৰ্থকসকল ষ্টেচনত উপস্থিত আছিল । ঘটনাটোক লৈ কংগ্ৰেছৰ সাংসদক তীব্ৰ সমালোচনা কৰি বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনে অভিযোগ কৰিছিল যে এই কাৰ্যৰ আঁৰত সাংসদ ভি কে শ্ৰীকন্দনৰ সমৰ্থকসকল আছিল । ঘটনাটোক লৈ কংগ্ৰেছৰ সাংসদ আৰু তেওঁৰ সমৰ্থকসকলক সমালোচনা কৰি সুৰেন্দ্ৰনে এটা ফেচবুক পোষ্ট কৰি কয় যে, সাংসদ আৰু তেওঁৰ সমৰ্থকসকলে এনে "লেতেৰা মন" লৈ কেনেদৰে কাম কৰিব পাৰে !