অসম

assam

ETV Bharat / bharat

No Confidence Motion Against Modi Govt : গৌৰৱ গগৈয়ে মোদী চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিব অনাস্থা প্ৰস্তাৱ - congress slams PM Modi on Manipur issue

মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী ইতিমধ্যে অধ্যক্ষৰ কাৰ্যালয়ত দাখিল কৰা হৈছে । কংগ্ৰেছ সাংসদ মণিকাম ঠাকুৰে এই কথা কয় ।

No Confidence Motion Against Modi Govt
No Confidence Motion Against Modi Govt

By

Published : Jul 26, 2023, 11:19 AM IST

নিউজ ডেস্ক, ২৬ জুলাই :মণিপুৰ বিষয়ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে লোকসভাৰ অধ্যক্ষৰ কাৰ্যালয়ত অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰিছে । দলীয় সূত্ৰই বুধবাৰে এই কথা জনাইছে । উল্লেখ্য যে লোকসভাত কংগ্ৰেছৰ উপনেতা গৌৰৱ গগৈয়ে এই প্ৰস্তাৱ উত্থাপন কৰিব । লোকসভাত দলৰ হুইপ মণিকাম ঠাকুৰে পিটিআইৰ আগত কয় ।

যদিও অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত ঐক্যবদ্ধ বিৰোধীৰ, অসমৰ সাংসদ গৌৰৱ গগৈয়ে এই প্ৰস্তাৱ উত্থাপন কৰিব বুলিও তেওঁ কয় । "ইণ্ডিয়া মিত্ৰজোঁট একেলগে আছে আৰু এই ধাৰণাটো ইণ্ডিয়া মিত্ৰজোঁটৰে । কংগ্ৰেছ দলৰ নেতাই প্ৰস্তাৱটো উত্থাপন কৰিব । আমি অনুভৱ কৰোঁ যে চৰকাৰৰ অহংকাৰ ভাঙিবলৈ আৰু তেওঁলোকক মণিপুৰৰ ওপৰত মাত মাতিবলৈ এই অন্তিম অস্ত্ৰ ব্যৱহাৰ কৰাটো আমাৰ কৰ্তব্য ।" ঠাকুৰে দৃঢ়তাৰে কয় ।

সূত্ৰত প্ৰকাশ পোৱা মতে, এই সন্দৰ্ভত অধ্যক্ষৰ কাৰ্যালয়লৈ এখন জাননী দিয়া হৈছে । আনহাতে, ঠাকুৰে লগতে কয় যে বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ অহংকাৰ ভাঙিবলৈ অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লৈছিল, যিয়ে সংসদত মণিপুৰ সন্দৰ্ভত মৌনতা অৱলম্বন কৰি আছে । ভাৰতৰ ২৬ টা বিৰোধী দলৰ মিত্ৰজোঁটে মণিপুৰ হিংসা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সংসদত বক্তব্য ৰাখিবলৈ বাধ্য কৰাবলৈ এই প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লৈছিল । এই বিষয়ত নেতৃত্ব লোৱা জ্যেষ্ঠ নেতাসকলে কয় ।

উল্লেখ্য যে কংগ্ৰেছে বুধবাৰে পুৱা ১০.৩০ বজাৰ ভিতৰত দলৰ সংসদীয় কাৰ্যালয়ত উপস্থিত থাকিবলৈ সাংসদসকললৈ হুইপ জাৰি কৰিছে । সংসদৰ নিম্ন সদনত কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ এই হুইপ জাৰি কৰা বুলি দলীয় সূত্ৰত প্ৰকাশ । অৱশ্যে যদিও বিৰোধী দলসমূহৰ অনাস্থা প্ৰস্তাৱত জয়লাভৰ জোখাৰে সদস্য সংখ্যা নাই, বিৰোধী দলবোৰে যুক্তি দিয়ে যে বিতৰ্কৰ সময়ত মণিপুৰ বিষয়ত চৰকাৰক থকাসৰকা কৰিবলৈ তেওঁলোকে এই যুঁজত জয়ী হ'ব ।

তেওঁলোকে দাবী কৰে যে গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত প্ৰধানমন্ত্ৰীক সংসদত বক্তব্য ৰাখিবলৈ বাধ্য কৰোৱাৰ ই হৈছে এক কৌশল । উল্লেখ্য যে, চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতিৰ ওপৰত হোৱা বিতৰ্কৰ উত্তৰ দিব বুলি কৈ আহিছে যদিও বিৰোধীয়ে ইয়াত মান্তি হোৱা নাই ।

লগতে পঢ়ক :Parliament Monsoon Session : আজি লোকসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ; কংগ্ৰেছৰ সাংসদলৈ হুইপ জাৰি

ABOUT THE AUTHOR

...view details