নেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ :কেপ্টেইন অমৰিন্দৰ সিঙৰ(Captain Amarinder Singh) পদত্যাগৰ পাচতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ দায়িত্বভাৰ কাক অৰ্পণ কৰা হ'ব, সেই লৈ ব্যাপক চৰ্চা অব্যাহত আছে ৷ অমৰিন্দৰ সিঙৰ উত্তৰসূৰী কোন হ'ব তাক লৈ চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ লগতে পঞ্জাৱত দুজনকৈ উপ-মুখ্যমন্ত্ৰী নিযুক্তি দিয়াৰ সম্ভাৱনা আছে বুলি সূত্ৰই এক ইংগিত দিছে ৷
সিঙৰ পদত্যাগৰ পাচত এতিয়া কংগ্ৰেছৰ বিধায়কসকলে ছোনিয়া গান্ধী(Sonia Gandhi)ক পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব প্ৰদান কৰিছে ৷ উল্লেখ্য যে, পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটি(Punjab Pradesh Congress Committee)ৰ মুৰব্বী নৱজ্যোৎ সিং সিদ্ধু(Navjot Singh Sidhu) আৰু তেওঁৰ মাজত কেইবামাহ ধৰি হোৱা বাক-বিতণ্ডাৰ পাচত শনিবাৰে কেপ্টেইন অমৰিন্দৰ সিঙে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ৷