অসম

assam

ETV Bharat / bharat

দালাই লামাক ভাৰতৰত্ন প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ বিজেপি নেতাৰ - ভাৰতৰ বাবে চীন ভাবুকি

হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শান্তা কুমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰসংঘত তিব্বত প্ৰসংগ উত্থাপন কৰাৰ উপৰি তিব্বতৰ ধৰ্মগুৰু দালাই লামাক ভাৰতৰত্ন প্ৰদান কৰিবলৈ আহ্বান জনাই এক পত্ৰ প্ৰেৰণ কৰিছে ৷

দালাই লামাক ভাৰতৰত্ন প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ বিজেপি নেতাৰ
দালাই লামাক ভাৰতৰত্ন প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ বিজেপি নেতাৰ

By

Published : Nov 12, 2020, 12:30 PM IST

নিউজ ডেস্ক, 12 নৱেম্বৰ :ৰাষ্ট্ৰসংঘৰ মজিয়াত তিব্বতৰ প্ৰসংগ উত্থাপনৰ প্ৰয়োজনীয়তা আছে আৰু ভাৰতে ইয়াক সজোৰে উত্থাপন কৰিব লাগে ৷ 21 শতিকাৰ অতিকে ধৃণনীয় বিষয় হৈছে তিব্বতৰ গণহত্যা আৰু ইয়াক ভাৰতৰ বাহিৰে আন কোনোৱে ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰিব নোৱাৰে ৷ 1950 চনত চীনক তিব্বত অধিগ্ৰহণ কৰিবলৈ দি কংগ্ৰেছ দলে এক মোক্ষম পাপ সংঘটিত কৰিছে আৰু ইয়াৰ পৰা উদ্ধাৰ পাবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে বিষয়টো ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰাৰ প্ৰয়োজন আছে ৷

হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শান্তা কুমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰি এই তথ্য উল্লেখ কৰে ৷

"চীন সমগ্ৰ বিশ্বৰ বাবে এক ভাবুকি হৈ পৰিছে আৰু লাডাখত অনাধিকাৰ প্ৰৱেশ কৰিছে ৷ ভাৰতে চীনৰ পৰাই তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে ৷ আজিৰ দিনত সমগ্ৰ বিশ্বই চীনক একাষৰীয়া কৰিছে ৷ এয়া ভাৰতৰ বাবে এক সোণালী সুযোগ আৰু ইয়াৰ দ্বাৰা ভাৰতে 1950 কৰা ভূল শুধৰাই ল'ব লাগে ৷" পত্ৰখনত এইদৰে উল্লেখ কৰে শান্তা কুমাৰে ৷

হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে তিব্বতৰ ধৰ্মগুৰু দালাই লামাক ভাৰতৰত্ন প্ৰদানৰ বাবেও প্ৰধানমন্ত্ৰীলৈ পত্ৰযোগে আহ্বান জনাইছে ৷

লগতে পঢ়ক :পাকিস্তানৰ শীৰ্ষ সন্ত্ৰাসবাদী হাফিজ চৈয়দৰ মুখপাত্ৰক 32 বৰ্ষৰ বাবে জেললৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details