অসম

assam

By

Published : Aug 6, 2023, 6:52 PM IST

ETV Bharat / bharat

Rahul Lok Sabha membership: ৰাহুল গান্ধীৰ সাংসদ পদ পুনৰুদ্ধাৰত পলম হোৱাৰ আশংকা

উচ্চতম ন্যায়ালয়ে অপৰাধমূলক মানহানি গোচৰত ৰাহুল গান্ধীক সকাহ প্ৰদান কৰিছে । কিন্তু সহজে তেওঁ সাংসদ পদ ঘূৰাই নাপাব ! কংগ্ৰেছ নেতাসকলে সন্দেহ কৰিছে । এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক অমিত অগ্নিহোত্ৰীৰ এক বিশেষ প্ৰতিবেদন ।

Rahul Lok Sabha membership restoration
ৰাহুল গান্ধীৰ সাংসদ পদ পুনৰুদ্ধাৰত পলম হোৱাৰ আশংকা

নেশ্যনেল ডেস্ক,৬ আগষ্ট :উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সকাহ প্ৰদান কৰিছে যদিও তেওঁ ইমান সহজে সাংসদ পদ পুনৰ ঘূৰাই নাপাব ! সাংসদ পদ ঘূৰাই পোৱাৰ ক্ষেত্ৰত কিছু পালম হ'ব সন্দেহ কৰিছে কংগ্ৰেছৰ একাংশ নেতাই । প্ৰক্ৰিয়া ক্ষীপ্ৰ আৰু মসৃণ নহ'বও পাৰে ।

উল্লেখ্য যে ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপাধি সম্পৰ্কীয় গোচৰত চুৰাটৰ বিচাৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰাৰ এদিন পাছতে অৰ্থাৎ যোৱা ২৪ মাৰ্চত ৱায়ানাড়ৰ প্ৰাক্তন সাংসদজনৰ লোকসভা সদস্যপদ কাঢ়ি লোৱা হয় আৰু তেওঁক দুবছৰৰ কাৰাদণ্ড দিয়া হয় ।

সাংসদৰ মৰ্যাদা হেৰুওৱাৰ কেইদিনমানৰ ভিতৰতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীৰ পুত্ৰ ৰাহুল গান্ধীক লোকসভা গৃহ নিৰ্মাণ সমিতিয়ে ২০০৪ চনৰ পৰা তেওঁক আৱণ্টন কৰা ১২ তুঘলক লেনৰ আনুষ্ঠানিক বাংলোটোও খালী কৰিবলৈ কোৱা হয় । দীঘলীয়া আইনী যুঁজৰ অন্তত ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে সকাহ প্ৰদান কৰে আৰু ৪ আগষ্টত তেওঁৰ শাস্তি স্থগিত ৰখা হয় ।

দলৰ নেতাসকলে এতিয়া আশা কৰিছে যাতে তেওঁৰ লোকসভাৰ সদস্যপদ পুনৰুদ্ধাৰ ক্ষীপ্ৰ হয় । যাতে ৰাহুল গান্ধীয়ে অহা সপ্তাহত অনাস্থা প্ৰস্তাৱত বক্তব্য ৰাখিব পাৰে । কিন্তু ৰাজনীতিয়ে বিষয়টো আৰু বিলম্ব কৰিব বুলিও চিন্তিত হৈ পৰিছে নেতাসকল । কংগ্ৰেছ নেতাসকলৰ মতে, কিছুমান বিশেষজ্ঞ বা আইন মন্ত্ৰালয়ৰ মতামত বিচৰাৰ অজুহাতত পলম হ'ব পাৰে কিয়নো বিজেপিয়ে কৈছে যে উচ্চতম ন্যায়ালয়ৰ আদেশ চূড়ান্ত নহয় আৰু ৰাহুল এতিয়াও সম্পূৰ্ণ দোষমুক্ত নহয় ।

কংগ্ৰেছ নেতা অভিষেক সিংভিয়ে কয় যে যিদৰে আদালত আৰু ন্যায়ৰ ওপৰত বিশ্বাস আছে, ঠিক তেনেদৰে গণতন্ত্ৰৰ ওপৰতো বিশ্বাস আছে । যদি ইয়াক প্ৰত্যাখ্যান কৰা হয় আৰু বিশ্বাসঘাতকতা কৰা হয় তেনেহ'লে এগৰাকী নাগৰিক হিচাপে একমাত্ৰ বিকল্প ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস থকা এজন আইন পালনকাৰী নাগৰিক হিচাপে তেওঁলোকে পুনৰ আদালতলৈ যাব লাগিব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে ।

কাৰিকৰীভাৱে ৰাহুলৰ সদস্যপদ পুনৰুদ্ধাৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৰিব লাগিব । নেতাসকলে সন্দেহ কৰিছে যে ৰাজনৈতিক প্ৰতিষ্ঠানৰ অনুমোদন অবিহনে সেয়া সম্ভৱ নহ'ব ।

এআইচিচিৰ সাধাৰণ সম্পাদক ৰজনী পাটিলে কয় যে অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত ৰাহুল গান্ধীয়ে লোকসভাত থাকিব লাগে কিন্তু সেয়া সম্ভৱ হ'ব নে নহয় তেওঁ নাজানে । সদস্যপদ পুনৰুদ্ধাৰ নিয়ম অনুসৰি সোনকালে হ'ব লাগে কিন্তু বিজেপিৰ দৃষ্টিভংগী কিছু পৃথক ।

কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ মতে লোকসভাত ভাষণ দিয়াৰ সময়ত ব্যৱসায়ী গৌতম আদানিক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল আৰু তাৰ পাছতে ৰাহুলক দোষী সাব্যস্ত কৰা আৰু তেওঁৰ সদনৰ সদস্যপদ কাঢ়ি লোৱাৰ দৰে ঘটনাবোৰ আহিছিল ।

চৌধুৰীয়ে লগতে কয় যে তেওঁলোকে সংসদত নেতাজনৰ অনুপস্থিতি অনুভৱ কৰি আছিল । সেয়ে তেওঁলোকে বিচাৰে যাতে যিমান সম্ভৱ ৰাহুল গান্ধী সোনকালে সদনলৈ ঘূৰি আহে । তেওঁৰ মতে ৰাহুল গান্ধীৰ সদস্যপদ পুনৰুদ্ধাৰ সোমবাৰে অৰ্থাৎ ৭ আগষ্টত হ'ব লাগে । এনে হোৱাৰ পাছত তেওঁ এটা চৰকাৰী বাংলোকে ধৰি আন অধিকাৰসমূহো লাভ কৰিব ।

নেতাগৰাকীৰ মতে ৰাহুল গান্ধী বিৰোধী দলৰ নেতা যিয়ে সংসদত জনসাধাৰণৰ সমস্যা উত্থাপন কৰে । তেওঁ চৰকাৰক প্ৰশ্ন কৰাত বিজেপি চিন্তিত কিন্তু ৰাহুল গান্ধী নিৰ্ভীক ।

লগতে পঢ়ক :BJP to attack Rahul: ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে সকাহ দিয়াত অসন্তুষ্ট শাসকীয় বিজেপি

ABOUT THE AUTHOR

...view details