নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ: স্বামী-স্ত্ৰীৰ সম্পৰ্কক ভগৱানে ওপৰৰ পৰা মিলাই পঠোৱা বুলি কয় ৷ কিন্তু স্বামী-স্ত্ৰীৰ এখন সুখৰ সংসাৰ চলিবলৈ মৰম, ভালপোৱা আৰু বুজাবুজিৰ লগতে ইজনে সিজনক প্ৰশংসা কৰাটো সিমানেই প্ৰয়োজনীয় ৷ শাৰীৰিক আকৰ্ষণ তথা সুন্দৰ অৱয়বে আপোনাৰ প্ৰিয়জনক আকৰ্ষিত কৰে ৷ বহুসময়ত এনে আকৰ্ষণে এটা সম্পৰ্কক মজবুত কৰি ৰাখে (Wife lodged FIR at Raipur)৷
কিন্তু যেতিয়া এই আকৰ্ষণ নোহোৱা হৈ যায় তেতিয়া এখন সংসাৰ ভাগি থান-বান হৈ যাব পাৰে ৷ আজি আমি ক’ব ওলোৱা ঘটনাটো প্ৰায় এনেধৰণেৰে ৷ পত্নীক কুৎসিত বুলি কোৱাৰ কাৰণেই স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে পত্নীয়ে ৷ এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ ৰায়পুৰ এলেকাত ৷
2012 চনত ৰায়পুৰৰ পুৰণি বস্তি এলেকাৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল এগৰাকী যুৱতীয়ে ৷ বিয়াৰ প্ৰথমতে সকলো ঠিকেই আছিল যদিও বিয়াৰ পিছলৈ স্বামীয়ে পত্নীৰ লগত দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল ৷ কথাই প্ৰতি পত্নীক গালি গালাজ পাৰাৰ লগতে শাৰীৰিক অত্যাচাৰ চলাই আহিছিল স্বামীয়ে ৷
পত্নীক প্ৰায়েই তেওঁৰ মুখৰ অবয়ব তথা ৰং-ৰূপক লৈ ঠাট্টা মস্কৰা কৰিছিল স্বামীয়ে (Husband calls wife face is like eunuch)৷"তোমাক দেখিবলৈ কিন্নৰ দৰে লাগে, দেউতাৰ কথাত মান্তি হৈহে মই তোমাৰ লগত বিবাহ কৰিছিলো ৷ নহ’লে তোমাৰ দৰে ছোৱালীক কোনে বিয়া কৰালে হয় ৷" এই ধৰণৰ কটাক্ষযুক্ত মন্তব্যৰে প্ৰায়েই পত্নীক আক্ৰমণ কৰিছিল স্বামীয়ে ৷