নেশ্যনেল ডেস্ক,২৭ মে':দেশৰ নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানক লৈ বিতৰ্ক অব্যাহত আছে (New parliament building controversy)। কেইবাটাও বিৰোধী দলে ইতিমধ্যে অনুষ্ঠান বাতিল কৰিছে । তাৰ মাজতে এই বিষয়ক লৈ মন্তব্য কৰি বিপদত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে । আপত্তিজনক মন্তব্যৰে বিতৰ্কৰ সূচনা কৰাৰ বাবে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে (FIR against Kejriwal and Kharge)।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ জাতিৰ কথা উল্লেখ কৰি নেতাকেইগৰাকীয়ে বিতৰ্কিত মন্তব্য কৰিছিল । তেনে মন্তব্যৰ বাবেই নতুন দিল্লীৰ কনট প্লেচ আৰক্ষী থানাত কেজৰিৱাল আৰু খাৰ্গেকে ধৰি আন কেইবাগৰাকী নেতাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে ।
অভিযোগত কোৱা হৈছে যে ৰাজনৈতিক লাভালাভৰ বাবে কেজৰিৱাল আৰু খাৰ্গেয়ে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানক লৈ বিবৃতি দিছে য'ত দুটা সম্প্ৰদায়/গোটৰ মাজত শত্ৰুতা সৃষ্টি কৰিব আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে অবিশ্বাসৰ সৃষ্টি কৰাৰো ভাবুকি দিছে । চাৰিটা টুইটত মল্লিকাৰ্জুন খাৰ্গেয়ে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক নিমন্ত্ৰণ নকৰাৰ বাবে চৰকাৰক সমালোচনা কৰি় কৈছিল যে এনে লাগে যেন মোডী চৰকাৰে কেৱল নিৰ্বাচনী স্বাৰ্থত দলিত আৰু জনজাতীয় সম্প্ৰদায়ৰ পৰা ৰাষ্ট্ৰপতি মনোনিত কৰে (Kharge tweet on Parliament building)। যেতিয়া সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰা হৈছিল তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো আমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলিও খাৰ্গেয়ে উল্লেখ কৰে ।