নেশ্যনেল ডেস্ক,11 ছেপ্টেম্বৰ:এখন ছুটি ছবিৰ যোগেদি ভগৱান জগন্নাথৰ প্ৰতি অসন্মান কৰাৰ অভিযোগ উঠিছে (Short film is accused of disrespecting Lord Jagannath) ৷ ওডিশাৰ জাজপুৰ জিলাৰ প্ৰবক্তা দেৱীপ্ৰসাদ দাসে বিতৰ্কিত ছবিখনৰ প্ৰযোজক, পৰিচালকৰ লগতে 'মিয়া বিবি অউৰ বানানা' শীৰ্ষক ছবিখনৰ সম্প্ৰচাৰ কৰি থকা অটিটি প্লেটফৰ্ম ডিজনী+হটষ্টাৰক ক্ষমা খোজাৰ দাবী জনাইছে(OTT platform Disney+Hotstar) ।
নীনা শ্ৰীবাস্তৱৰ পৰিচালনাত ২০১৯ চনত মুক্তি লাভ কৰিছিল ২০ মিনিট দৈৰ্ঘৰ কমেডী ছবি 'মিয়া বিবি অউৰ বানানা'ই ৷ ছবিখনৰ যোগেদি চেনিটেৰী নেপকিন সন্দৰ্ভত এক সামাজিক বাৰ্তা দিবলৈ যত্ন কৰা হৈছিল ।
৩ ছেপ্টেম্বৰত দাসে নাগৰিক পৰ্টেল যোগে জাজপুৰ ৰোড আৰক্ষী থানাত অভিযোগ দাখিল কৰি ছবিখনত মহ এটাৰ নাম জগন্নাথ আৰু মহটোক বুজোৱা সংলাপত অপমানজনক শব্দ ব্যৱহাৰ কৰা হৈছিল বুলি জাজপুৰ ৰোড আৰক্ষী থানাত অভিযোগ দাখিল কৰে((Complaint filed against the producer )) ।
ছবিখনৰ সংলাপসমূহৰ যোগেদি দেৱতাসকলক দুৰ্বল ৰূপত চিত্ৰায়িত কৰাৰ লগতে দেৱতাসকলৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা হৈছে বুলি অভিযোগ দাখিল কৰিছিল দাসে ৷