অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ বাবে অধিক নিৰাপত্তা বাহিনী মোতায়েন - CRPF personnel

যোৱা কেইমাহমানধৰি সন্ত্ৰাসবাদ সম্পৰ্কীয় ঘটনাৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । ইটিভি ভাৰতে এটা বাস্তৱ সন্মত পৰীক্ষা চলাইছিল আৰু জানিব পৰা গৈছিল যে ইলাহী বাগ আৰু শুত্ৰশ্বাহী সম্প্ৰদায় কেন্দ্ৰত চিআৰপিএফ জোৱানসকলক ৰখা হৈছে । আৱাসীসকলে প্ৰশাসনক তেওঁলোকক আন ঠাইলৈ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে ৷

Srinagar city
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ বাবে অধিক নিৰাপত্তা বাহিনী মোতায়েন

By

Published : Nov 4, 2021, 10:09 PM IST

নেশ্বনেল ডেস্ক, 4 নৱেম্বৰ :বিগত কেইমাহমানত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ সম্পৰ্কীয় ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত, প্ৰশাসনে সমগ্ৰ শ্ৰীনগৰত নিৰাপত্তা বাহিনী মোতায়েন যথেষ্ট বৃদ্ধি কৰিছে । তেওঁলোকক বিভিন্ন সামূহিক কেন্দ্ৰত ৰখা হৈছে, যাৰ ভিতৰত বিবাহ গৃহও আছে । সুৰক্ষা বাহিনীৰ কৰ্মচাৰীসকলক বিভিন্ন সামূহিক কেন্দ্ৰত ৰখা হৈছে । তেওঁলোকক ইয়াত কিমান দিন ৰখা হ'ব সেয়া এতিয়াও জনা হোৱা নাই । চহৰখনৰ নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই অৱগত কৰে ।

তেওঁ লগতে কয়, "সংশ্লিষ্ট সকলো বিভাগক loop ত লোৱা হৈছে আৰু সেই অনুসৰি নিৰ্দেশনা দিয়া হৈছে । বৰ্তমান, নিৰাপত্তা বাহিনীৰ বাবে মাত্ৰ কেইটামান কমিউনিটি হল লোৱা হৈছে, আনহাতে বাকী কেন্দ্ৰবোৰৰ জৰীপ সম্পূৰ্ণ কৰা হৈছে ।" ইটিভি ভাৰতে এই কেন্দ্ৰসমূহৰ বাস্তৱ পৰীক্ষা কৰিছিল আৰু জানিব পৰা গৈছে যে চিআৰপিএফৰ জোৱানসকলে ইলাহী বাগ আৰু শুত্ৰশাহী সম্প্ৰদায় কেন্দ্ৰত অৱস্থান গ্ৰহণ কৰিছে । ইয়াৰ উপৰিও, বৰ্তমান বাংকাৰ নিৰ্মাণ কৰা হৈছে । অৱশ্যে, এই কাৰ্যৰ বাবে স্থানীয় লোকসকলক চিন্তিত দেখা গৈছে ।

অঞ্চলটোৰ এজন আৱাসীয়ে কয় যে, "এই অঞ্চলবোৰ ঘন বসতিপূৰ্ণ । একেটা সামূহিক কেন্দ্ৰত বিবাহ, অন্ত্যেষ্টিক্ৰিয়া আৰু অন্যান্য সামাজিক সমাৱেশ অনুষ্ঠিত হৈছিল । আমাৰ ঘৰ বোৰত বেছি ঠাই নাই । মই নাজানো আমি এতিয়া কি কৰিম," ।

তেওঁ লগতে কয়, '' যথেষ্ট অসুবিধাৰ পিছত, আমি আমাৰ অঞ্চলবোৰত সামূহিক কেন্দ্ৰ খোলাৰ বাবে প্ৰশাসনক সৈমান কৰিবলৈ সক্ষম হৈছিলোঁ । আমি প্ৰশাসনক তেওঁলোকক আন এটা উপযুক্ত স্থানলৈ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছো,"৷ আৱাসীসকলৰ মতে, তেওঁলোকক বাহিনীৰ আগমনৰ বিষয়ে অৱগত কৰা হোৱা নাছিল যাৰ বাবে এই কেন্দ্ৰবোৰত সংঘটিত হ'বলগীয়া সামাজিক অনুষ্ঠানবোৰ এতিয়া বাতিল কৰিব লাগিব ।

লগতে পঢ়ক :গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা AC electric traction প্ৰৱৰ্তনত অনুমোদন

ABOUT THE AUTHOR

...view details