অসম

assam

By

Published : May 4, 2021, 10:43 AM IST

ETV Bharat / bharat

কমনৱেল্থ গেমছ ভিলেজৰ স্পৰ্টচ কমপ্লেক্স ৰূপান্তৰিত হ'ল অক্সিজেন প্ৰকল্পলৈ

দেশৰ ডাঙৰ ডাঙৰ মহানগৰ সমূহতো কৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ গুজৰাট, মুম্বাই আৰু দিল্লীত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা ৷ শেহতীয়াভাৱে ক'ভিড-19 ৰোগী ব্যাপক হাৰত বৃদ্ধিৰ পোৱাত সমগ্ৰ দেশতে অক্সিজেনৰ অভাৱ পৰিলক্ষিত হৈছে ৷

কমনৱেল্থ গেমছ ভিলেজ স্পৰ্টচ কমপ্লেক্স ৰূপান্তৰিত হ'ল অক্সিজেন প্ৰকল্পলৈ
কমনৱেল্থ গেমছ ভিলেজ স্পৰ্টচ কমপ্লেক্স ৰূপান্তৰিত হ'ল অক্সিজেন প্ৰকল্পলৈ

নেশ্যনেল ডেস্ক, 4 মে':কৰ'ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশতে একপ্ৰকাৰ সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ দেশৰ বিখ্যাত মহানগৰ সমূহতো ত্ৰাসৰ সৃষ্টি কৰাত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ গুজৰাট, মুম্বাই আৰু দিল্লীত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা ৷ শেহতীয়াভাৱে ক'ভিড-19 ৰোগী ব্যাপক হাৰত বৃদ্ধিৰ পোৱাত সমগ্ৰ দেশতে অক্সিজেনৰ অভাৱ পৰিলক্ষিত হৈছে ৷

কমনৱেল্থ গেমছ ভিলেজ স্পৰ্টচ কমপ্লেক্স ৰূপান্তৰিত হ'ল অক্সিজেন প্ৰকল্পলৈ

ৰাজধানী চহৰ দিল্লীত ডক্টৰছ ফৰ ইউ নামৰ বেচৰকাৰী সংস্থাটোৱে কমনৱেল্থ গেমছ ভিলেজ স্পৰ্টচ কমপ্লেক্সত নিজাববীয়াকৈ অক্সিজেন প্ৰকল্প স্থাপন কৰি অক্সিজেন যোগান ধৰাৰ লগতে 18-20 জন ৰোগীৰ দায়িত্ব গ্ৰহণ কৰিছে ৷ বেচৰকাৰী সংগঠনৰ সৈতে সম্পৰ্কিত চিকিৎসক ডাঃ চৈয়দে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, চহৰখনত অক্সিজেনৰ অভাৱ দূৰ কৰিবলৈ অক্সিজেন প্ৰকল্প স্থাপন কৰা হৈছে। দিল্লীৰ চিকিৎসালয় সমূহত অক্সিজেনৰ চিলিণ্ডাৰ সমূহৰ যোগান শৃংখলাবদ্ধ ভাৱে হৈ আছে।

লগতে পঢ়ক:কোভিড-19: দিল্লীত যোৱা 24 ঘণ্টাত 2.15 লাখৰো অধিক লোকক টীকাকৰণ

ABOUT THE AUTHOR

...view details