নেশ্যনেল ডেস্ক, ১ মাৰ্চ :দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে । পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে সমস্যাত পেলাইছে সাধাৰণ ৰাইজক । এইবাৰ পুনৰ বৃদ্ধি হ'ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য । ১ মাৰ্চৰ পৰা দিল্লীত ১৯ কিল’গ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০৫ টকালৈ বৃদ্ধি কৰা হৈছে (Commercial LPG cylinder price hike)।
এই বৃদ্ধিৰ লগে লগে দিল্লীত ১৯ কিল’গ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,০১২ টকা হ'লগৈ । ইফালে ৫ কিল’গ্ৰামৰ চিলিণ্ডাৰৰ মূল্যও ২৭ টকা বৃদ্ধি পাইছে । এই বৃদ্ধিৰ পাছত দিল্লীত ৫ কিল’গ্ৰাম চিলিণ্ডাৰৰ মূল্য ৫৬৯ টকা হ'লগৈ ।