নেশ্যনেল ডেস্ক, 1 জুন :দেশবাসীলৈ সকাহ ৷ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰাৰ পিছতেই জুনৰ পহিলা দিনটোতেই দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হয় (Commercial LPG cylinder price cut)৷ বুধবাৰ 1 জুনৰ পৰা দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৩৫ টকালৈ হ্ৰাস কৰা (Commercial LPG cylinder price cut from June 1) হৈছে । এই মূল্য হ্ৰাস কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ বাবে বৈধ, ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ বাবে নহয়।
বৰ্তমান দিল্লীত 19 কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 2219 টকা, কলকাতাত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য 2322 টকা, মুম্বাইত 2171.50 টকা আৰু চেন্নাইত 2373 টকা। মূল্য হ্ৰাসৰ পূৰ্বে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য কলকাতাত 2454 টকা, মুম্বাইত 2306 টকা আৰু চেন্নাইত 2507 টকালৈ বৃদ্ধি হৈছিল ৷