নেশ্যনেল ডেস্ক,১৪ অক্টোবৰ :কৰ্ণাটকৰ বেল্লীৰত চাঞ্চল্যকৰ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে । মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উঠিছে । ঘটনাৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ । আন অভিযুক্তৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
জানিব পৰা মতে ছাত্ৰীগৰাকীক দুৰ্বৃত্তসকলে অপহৰণ কৰি লৈ গৈছিল আৰু দলবদ্ধভাৱে ধৰ্ষণ কৰে । ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃয়ে এই সন্দৰ্ভত বেল্লাৰী মহিলা আৰক্ষী চকীত ৪ জনৰ লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত নবীন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে ।
সূত্ৰৰ মতে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰীক্ষা চলি আছিল । ১১ অক্টোবৰত পৰীক্ষা দি থকা অৱস্থাত ৪ যুৱকে যুৱতীগৰাকীক তেওঁৰ ভাতৃ আহিছে বুলি মিছাকৈ পৰীক্ষাগৃহৰ পৰা মাতি আনিছিল । তাৰ পাছত যুৱককেইজনে ছাত্ৰীগৰাকীক এখন অটোত অপহৰণ কৰি লৈ যায় । পাছত অভিযুক্তসকলে যুৱতীগৰাকীক অট'ত সুৰাপান কৰোৱাই আৰু কপ্পাল জিলাৰ গংগাৱতীৰ এখন হোটেললৈ লৈ যায় । হোটেলত ছাত্ৰীগৰাকীক ধৰ্ষণ কৰে । সূত্ৰৰ মতে ধৰ্ষণকাৰীসকল অভিযুক্ত ছাত্ৰীগৰাকীৰ পৰিচিত আছিল ।