নিউজ ডেস্ক, ২৪ জানুৱাৰী :"প্ৰেমিকৰ সৈতে কলেজলৈ আহক । প্ৰেমিক অবিহনে মহাবিদ্যালয়ত প্ৰবেশৰ অনুমতি নাই ।" ওডিশাৰ জগতসিংপুৰ এছ ভি এম মহাবিদ্যালয়ৰ নামত এনেধৰণৰ এখন জাননী বৰ্তমান ভাইৰেল হৈ পৰিছে (College notice viral) । উল্লেখ্য, জগতসিংপুৰৰ স্বামী বিবেকানন্দ স্মৃতি স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ স্বাক্ষৰ আছে জাননীখনত (Swami Vivekananda Memorial Autonomous College) । অৱশ্যে অধ্যক্ষগৰাকীয়ে এনেধৰণৰ জাননী জাৰি কৰাৰ বিষয়টো অস্বীকাৰ কৰিছে ।
জাননীখনত পোনপটীয়াকৈ উল্লেখ কৰা হৈছে, "সকলো যুৱতীৰ বাবে 14 ফেব্ৰুৱাৰীৰ ভিতৰত কমেও এজন প্ৰেমিক থকাটো বাধ্যতামূলক । এইটো সুৰক্ষাৰ উদ্দেশ্যে কৰা হৈছে । প্ৰেমিক নথকা যুৱতীসকলক মহাবিদ্যালয় চৌহদত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব । তেওঁলোকে তেওঁলোকৰ প্ৰেমিকৰ সৈতে শেহতীয়া এখন ছবি দেখুৱাব লাগিব । প্ৰেম সৰ্বত্ৰে বিয়পাই দিয়ক ।'' বৰ্তমান এই জাননীখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Jagatsinghpur SVM Autonomous College viral notice) । যাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে । তাৰ উপৰি মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে বিষয়টো সন্দৰ্ভত জগতসিংপুৰ আৰক্ষী থানাত এক লিখিত অভিযোগ দাখিল কৰিছে ।