বগা চুলিৰ সমস্যাই মানুহক প্ৰায়ে অশান্তি দিয়ে । এনে পৰিস্থিতিত কফি আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে । হয়, চুলিৰ ৰং বৃদ্ধিত কফি ফলপ্ৰসূ । ই আপোনাৰ চুলিত ৰং দিয়াই নহয় চুলিৰ জিলিকনিও বৃদ্ধি কৰে (Coffee hair dye for grey hair) । কিন্তু প্ৰশ্ন হয় বগা চুলিৰ বাবে Coffee hair dye কেনেকৈ ব্যৱহাৰ কৰিব লাগে ইয়াৰ উপকাৰিতা কি ? ইয়াক ব্যৱহাৰ কৰিলে চুলিৰ সৈতে জড়িত সমস্যাই দেখা দিব পাৰে নেকি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক (What are the benefits of applying coffee on hair) -
ক'লা চুলিৰ বাবে কফি কেনেকৈ ব্যৱহাৰ কৰিব লাগে
ক’লা চুলিৰ বাবে কফিৰ পৰা এক প্ৰকাৰৰ ৰং প্ৰস্তুত কৰিব পাৰি । ইয়াৰ বাবে প্ৰথমে ২ চামুচ কফি পাউদাৰ লওক । ১ কাপ কণ্ডিচনাৰ লওক । এতিয়া এই দুটা মিহলাই চুলিত লগাব (Coffee Hair Dye)। ১ ঘণ্টা ৰাখিব আৰু তাৰ পিছত মাত্ৰ পানীৰে চুলি ধুব (Coffee Hair Dye)। ইয়াৰ বাহিৰেও আন এটা উপায় হ’ব পাৰে কফি লৈ তাত এলোভেৰা যোগ কৰা । এতিয়া মিহলাই চুলিত লগাই কিছু সময় থৈ দিব । ১ ঘণ্টাৰ পিচত চুলিখিনি পানীৰে ধুব (How effective is coffee hair dye) ।
চুলিত কফি প্ৰয়োগ কৰাৰ উপকাৰিতা
১/ বগা চুলিৰ বাবে ফলপ্ৰসূ
চুলিত কফি লগালে বহু উপকাৰ সাধন হয়, তাৰ ভিতৰত এটা হ’ল ই চুলিত ৰং দিয়াত সহায় কৰে । ইয়াৰ ফলত আপোনাৰ বগা চুলিত বাদামী ৰঙৰ টিণ্ট পোৱা যায় আৰু আপোনাৰ চুলিখিনি প্ৰাকৃতিকভাৱে বাদামী দেখা যায় । লগতে ইয়াক প্ৰয়োগ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব নালাগে আৰু ইয়াক প্ৰয়োগ কৰাটোও অতি সহজ ।
২/ কফিয়ে চুলিৰ জিলিকনি বৃদ্ধি কৰে
চুলিৰ উজ্বলতা বৃদ্ধিত কফি অতি ফলপ্ৰসূ । ই প্ৰথমে ভিতৰৰ পৰা চুলিলৈ উজ্বলতা আনে আৰু দ্বিতীয়তে ই চুলিৰ মূৰৰ গুৰিত কলাজেন বৃদ্ধি কৰে । ইয়াৰ ফলত আপোনাৰ চুলিৰ জিলিকনি বৃদ্ধি পায় আৰু আপোনাৰ চুলিখিনি আগতকৈ অধিক ধুনীয়া দেখা যায়(Can we apply coffee on hair for Colour)। গতিকে, যদি আপুনি চিকচিকিয়া চুলি বিচাৰে, তেন্তে আপুনি কফি ব্যৱহাৰ কৰা উচিত ।
৩/ কফি কণ্ডিচনাৰ
চুলিৰ বাবে কফি এক উত্তম কণ্ডিচনাৰ । ই চুলিক ভিতৰৰ পৰা মইশ্ব’ৰাইজ কৰি তাত থকা প্ৰাকৃতিক আৰ্দ্ৰতা লক কৰি ৰাখে । ইয়াৰ বাবে চুলিৰ প্ৰাকৃতিক জিলিকনি ৰৈ যায় আৰু ভিতৰৰ পৰা চুলি সুস্থ হৈ থাকে । গতিকে, এই সকলোবোৰ কাৰণতে আপুনি আপোনাৰ চুলিৰ বাবে কফি ব্যৱহাৰ কৰা উচিত ।
লগতে পঢ়ক:Summer Drink : গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কৰ দৰে বিভিন্ন সমস্যাৰ পৰা আপোনাক সকাহ দিব এইবিধ পানীয়ই