নিউজ ডেস্ক, ১ অক্টোবৰ: জম্মুৰ ৰামবান জিলাত এখন বাহনৰ পৰা দেওবাৰে আন্তৰ্জাতিক ক'লা বজাৰৰ ৩০০ কোটি টকাৰ কোকেইন জব্দ কৰাৰ লগতে এটা ডাঙৰ নাৰ্কো-সন্ত্ৰাসবাদী মডিউল উৎখাত কৰা বুলি দাবী কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷
ৰামবানৰ এছএছপি মোহিতা শৰ্মাই সংবাদ মাধ্যমক কয় যে জম্মু আৰু শ্ৰীনগৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথেদি সৰবৰাহ কৰা ড্ৰাগছৰ বিষয়ে তেওঁলোকৰ ওচৰত নিৰ্দিষ্ট ইনপুট আছিল । তেওঁ কয় যে, "যেতিয়া আমি আমাৰ ওচৰত থকা বাহনখন আৱদ্ধ কৰিছিলো, আমি ৩০ কিলোগ্ৰাম কোকেইনসদৃশ পদাৰ্থ উদ্ধাৰ কৰিছিলো ৷ অভিযানটোত দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছিল ৷ আন্তৰ্জাতিক ক'লা বজাৰত ৩০ কিলো কোকেইনৰ মূল্য ৩০০ কোটি টকা ৷"
মোহিতা শৰ্মাই কয় যে এইটো এটা নাৰ্কো-টেৰ’ৰ গোচৰ আৰু তেওঁলোকে সীমা অতিক্ৰম কৰা সন্দৰ্ভতো অনুসন্ধান কৰি থকা হৈছে ৷ অধিক তদন্তৰ অন্তত ঘটনা সন্দৰ্ভত স্পষ্টভাৱে ক’ব পৰা যাব বুলিও কয় তেওঁ ৷ এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, ধৃত বাসিন্দা দুজন পঞ্জাৱৰ ৷ বনিহাল ষ্টেচন হাউছৰ বিষয়া মহম্মদ আফজল ৱানীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাক জলন্ধাৰৰ সৰবজিত সিং আৰু পঞ্জাৱৰ ফাগৱাৰাৰ হানি বছৰা বুলি চিনাক্ত কৰে ৷
হাৰিয়ানাৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীখনৰ ওপৰত তিনি কিলোগ্ৰাম নিচাজাতীয় দ্ৰব্য লুকুৱাই ৰখাৰ বিপৰীতে সৰবৰাহকাৰীৰ লাগেজৰ পৰা ২৭ কেজি উদ্ধাৰ কৰা হৈছে বুলিও তেওঁ কয় ৷ ৱানীয়ে কয় যে সৰবৰাহকাৰী কেইটাক ৰ’বলৈ সংকেত দিয়াৰ লগে লগে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু খেদি খেদি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ পূৰ্বে উদ্ধাৰ হোৱা নিচাজাতীয় দ্ৰব্যসমূহ হেৰ’ইন বুলি ধাৰণা কৰা হৈছিল যদিও তদন্তৰ অন্তত কোকেইন বুলি ধৰা পৰে ৷