নিউজ ডেস্ক,৪ মাৰ্চ:কেৰালাৰ বেকাল উপকূল অঞ্চলত বুধবাৰে এক সফল অভিযান সমাপ্ত কৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে । নাও ডুব যোৱাৰ ফলত বেকাল উপকূলৰ গভীৰ সাগৰত আবদ্ধ হৈ থকা ৫ জনকৈ মাছমৰীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ।
সাগৰত আৱদ্ধ ৫ মাছমৰীয়াক উদ্ধাৰ
ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কেৰালাৰ বেকাল উপকূলৰ পৰা পাঁচজন মাছমৰীয়াক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সাগৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হৈছিল মাছমৰীয়া কেইজনৰ যন্ত্ৰচালিত নাও ।
উপকূলৰক্ষীৰ সফল অভিযান,সাগৰত আবদ্ধ ৫ মাছমৰীয়াক উদ্ধাৰ
চানথেৰা বন্দৰৰ পৰা যাত্ৰা কৰি প্ৰায় ৬ মাইল দূৰত্ব অতিক্ৰম কৰাৰ পিছত সাগৰৰ তীব্ৰ সোঁতৰ বাবে যন্ত্ৰ চালিত নাওখন দুৰ্ঘটনাৰ সন্মুখীন হয় । এই খবৰ লাভ কৰাৰ লগে লগে উপকূলৰক্ষী বাহিনীয়ে ততালিকে অভিযান আৰম্ভ কৰে আৰু মাছমৰীয়া কেইজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উপকূলৰক্ষী বাহিনীৰ শীৰ্ষ বিষয়াই জনোৱা মতে আটাইকেইজন মাছমৰীয়া থিৰুৱনন্তপুৰমৰ বাসিন্দা ।
লগতে পঢ়ক:দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চিলনী চোৰ