নিউজ ডেস্ক, 24 নৱেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনাৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত হয় চীফ অৱ আৰ্মী ষ্টাফ জেনেৰেল মনোজ মুকুন্দ নৰাৱনে ৷ সোমবাৰে ডিমাপুৰত উপস্থিত হোৱাৰ পাচতে নৰাৱনেক অসম, নাগালেণ্ড, মনিপুৰ আৰু অৰুণাচল প্ৰদেশৰ নিৰাপত্তা পৰিস্থিতি আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা প্ৰস্তুতি সম্পৰ্কত লিউটেনেন্ট জেনেলেৰ অনিল চৌহান, জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ, ইষ্টাৰ্ন কমাণ্ড আৰু লিউটেনেন্ট জেনেৰেল আৰ পি কলিতাই তথ্য প্ৰদান কৰে ৷
ইয়াৰোপৰি নগা শান্তি চুক্তিৰ আলোচনাৰ শেহতীয়া স্থিতি সম্পৰ্কতো COAS নৰাৱনেক তথ্য প্ৰদান কৰা হয় ৷ মঙলবাৰে COAS নৰাৱনেই নাগালেণ্ড আৰু মনিপুৰৰ পৰিস্থিতি সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে ৰাজ্য দুখনৰ সৈন্য বাহিনী আৰু আছাম ৰাইফলছৰ মুখ্য কাৰ্যালয়সমূহত উপস্থিত হয় ৷ অতি পিছপৰা অঞ্চলত মোতায়েন কৰা জোৱানৰ সৈতে তেওঁ বাৰ্তালাপত অংশগ্ৰহণ কৰে আৰু যিকোনো যুদ্ধকালীন পৰিস্থিতিৰ বাবে তেওঁলোকৰ প্ৰস্তুতি, উদ্যম আৰু মনোবলক প্ৰশংসা কৰে ৷