নেচনেল ডেস্ক, ২৩ জুন: বহু বিতৰ্কিত কোটি টকীয়া কয়লা চোৰাং ব্যৱসায়ৰ গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে বৃহস্পতিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে ( ED in Kolkata) কলকাতাত উপস্থিত হয় । প্ৰৱৰ্তন সঞ্চালকালয়ে (ED) তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰা বেনাৰ্জীক এই সন্দৰ্ভত চল্ট লেকৰ চিজিঅ' কমপ্লেক্সত সোধা-পোছা কৰে । প্ৰায় চাৰি ঘণ্টা ধৰি প্ৰৱৰ্তন সঞ্চালকালয়ে ৰুজিৰাক কয়লাৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ সম্পৰ্কে প্ৰশ্ন কৰে (coal smuggling case)। বৃহস্পতিবাৰে ৰুজিৰাক প্ৰশ্ন কৰিবলৈ দিল্লীৰ পৰা এটা বিশেষ ইডিৰ দল চহৰখনত উপস্থিত হোৱাৰ পাছতে বিষয়টোৱে নতুন মোৰ লৈছে । ৰুজিৰাই কনমানি সন্তানক লৈয়ে চিজিঅ' কমপ্লেক্সত বিশেষ ইডিৰ দলটোৰ সন্মুখত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য় যে কেইদিনমান পূৰ্বে চিবিআইৰ দল এটাই কলকাতাৰ হৰিশ মুখাৰ্জী ৰোডত থকা অভিষেক বেনাৰ্জীৰ বাসগৃহলৈ গৈ তেওঁৰ পত্নী ৰুজিৰাক এই বিষয়ে সোধা-পোছা কৰিছিল (Trinamool Congress Parliamentarian Abhishek Banerjee) । চিবিআইৰ বিষয়াসকলে কয়লা চোৰাং ব্যৱসায়ৰ গোচৰৰ বিৱৰণ বিচাৰি ৰুজিৰাৰ সৈতে দীৰ্ঘ সময় ধৰি কথা পাতিছিল।