নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: যোৱা ১৪ এপ্ৰিলত কৰ'ণাত আত্ৰান্ত হৈছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ । ক'ভিডৰ সৈতে যুঁজি থকাৰ পাচত অৱশেষত নিগেটিভ ফলাফল আহিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ । শুকুৰবাৰে টুইটাৰযোগে এই খবৰ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে । সম্প্ৰতি মুখ্যমন্ত্ৰীগৰাকী হোম কোৱাৰেণ্টাইনত আছে ।
অৱশেষত ক'ভিড নিগেটিভ যোগী আদিত্যনাথ
যোৱা ১৪ এপ্ৰিলত কৰ'ণাত আত্ৰান্ত হৈছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ । ক'ভিডৰ সৈতে যুঁজি থকাৰ পাচত অৱশেষত ক'ভিড-১৯ৰ পৰীক্ষাত নিগেটিভ ফলাফল আহিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ ।
যোগী আদিত্যনাথ
যোগী আদিত্যনাথেযোৱা ৫ এপ্ৰিলত প্ৰথমটো ক'ভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰিছিল । কৰ'ণাত আত্ৰান্ত হোৱাৰ পাচত যিসকল লোকে তেওঁৰ সুস্বাস্থ্য কামনা কৰিছিল লগতে দিনে-নিশাই অহৰহ তেওঁৰ চিকিৎসা কৰি থকা সকলো চিকিৎসাকৰ্মী, চিকিৎসক, নাৰ্চ আদিক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়ক: ৩০০ অক্সিজেন কনচেনট্ৰেটৰ লৈ ভাৰতত উপস্থিত হংকঙৰ বিমান