নেচনেল ডেস্ক, 7 ফেব্ৰুৱাৰী:উন্নয়নমূলক কাম কাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ অযোধ্যাত উপস্থিত হৈছে ৷ দেওবাৰে দিনৰ প্ৰায় 11 বজাত মুখ্যমন্ত্ৰী গৰাকী অযোধ্যাত উপস্থিত হয় ৷ জানিব পৰা মতে তেওঁ ৰামলীলা আৰু হনুমানগঢ়ীৰ দৰ্শন কৰাৰ পাছতে ৰামমন্দিৰ নিৰ্মাণ কাৰ্য প্ৰদৰ্শন কৰি অযোধ্যাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান লোৱাৰ বাবে এক বৈঠকত বহিব ৷
জানিব পৰা মতে মন্ত্ৰী গৰাকীয়ে প্ৰায় চাৰি ঘন্টাৰ সময়সূচী লৈ অযোধ্যাত উপস্থিত হয় ৷ অযোধ্যাত সকলো কাম সমাপন হোৱাৰ পাছতে মন্ত্ৰী গৰাকী বাৰাণসীলৈ বুলি ৰাওনা হ'ব ৷ মন্ত্ৰী গৰাকীৰ আগমণক লৈ অযোধ্যাত নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি গঢ়ি তোলা পৰিলক্ষিত হয় ৷