নেশ্যনেল ডেস্ক,৪ জুন :এটা শতিকাৰ অতি ভয়ংকৰ ৰে'ল দুৰ্ঘটনা (Balasore train accident)। যি দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৮৮ লৈ অতিক্ৰম কৰিছে । শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছে । ইফালে প্ৰতিটো সময়তে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও পৰিস্থিতিৰ বুজ লৈছে । প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ সৈতে তেওঁ যোগাযোগ ৰাখিছে ।
সমান্তৰালকৈ মুখ্যমন্ত্ৰী নবীন পাটনায়কে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ফোনযোগে কথা পাতিছে আৰু শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে (CM Speaks to PM Over Phone on latest situation)। বিশেষকৈ ৰে'ল দুৰ্ঘটনাত পতিতসকলৰ চিকিৎসাৰ বিষয়ে তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰিছে ।
ওড়িশাৰ বিভিন্ন চিকিৎসালয়ত আহত যাত্ৰীসকলৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত সকলো সম্ভৱ পদক্ষেপ লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে । মুখ্যমন্ত্ৰীয়ে অৱগত কৰা মতে চিকিৎসক, চিকিৎসক শিক্ষাৰ্থীসকলে আহতসকলৰ জীৱন ৰক্ষাৰ বাবে যথা সম্ভৱ চেষ্টা অব্যাহত আছে । চিকিৎসক, শিক্ষাৰ্থী আৰু সাধাৰণ লোকসকলেও আঘাতপ্ৰাপ্ত লোকসকলৰ বাবে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিছে ।