অসম

assam

Cauvery water sharing issue : তামিলনাডুৰ সৈতে পানী ভাগ বতৰা কৰাৰ স্থিতিত নাই, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:54 PM IST

মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কয় যে কৰ্ণাটকে তীব্ৰ পানীৰ নাটনিৰ সমস্যাৰ সন্মুখীন হৈছে আৰু তামিলনাডুৰ সৈতে কাবেৰীৰ পানী ভাগ কৰাটো সম্ভৱ নহয়।

Cauvery water sharing issue
কাবেৰীৰ পানী ভাগ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ : বুধবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ অধ্যক্ষতাত কাবেৰী নদীৰ পানী ভাগ-বতৰা বিষয়ক লৈ অনুষ্ঠিত জৰুৰী কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কৰ্ণাটক তামিলনাডুৰ সৈতে কাবেৰী পানী ভাগ-বতৰা কৰিব পৰা অৱস্থাত নাই ৷ সিদ্ধাৰামাইয়াই কয় যে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব আৰু কাবেৰী জল নিয়ন্ত্ৰণ সমিতিৰ সন্মুখতো আবেদন দাখিল কৰিব ৷

কাবেৰী জল নিয়ন্ত্ৰণ সমিতিয়ে ৰাজ্য চৰকাৰক আগন্তুক ১৫ দিনত চুবুৰীয়া ৰাজ্য তামিলনাডুলৈ ৫ হাজাৰ কিউচেক পানী এৰি দিবলৈ নিৰ্দেশ দিয়াৰ পিছতে এই বৈঠক অনুষ্ঠিত হয় ৷ জলসিঞ্চনৰ পৰ্টফলিঅ’ চোৱাচিতা কৰা উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰকে ধৰি সকলো দলৰ নেতা আৰু সংসদৰ সদস্য এই বৈঠকত উপস্থিত আছিল ৷ বিধান সৌধৰ কনফাৰেন্স হলত অনুষ্ঠিত হৈছিল এই বৈঠক ৷

বৈঠকৰ অন্তত সিদ্ধাৰামাইয়াই কয় যে কৰ্ণাটক বৰষুণৰ তীব্ৰ অভাৱৰ সন্মুখীন হৈছে আৰু চি ডব্লিউ আৰ চিৰ নিৰ্দেশ অনুসৰি আমি কাবেৰীৰ পানী তামিলনাডুলৈ এৰি দিয়াৰ কোনো অৱস্থাত নাই ৷ তেওঁ আৰু কয় যে, "কম বৰষুণৰ বাবে ইয়াৰ বান্ধ সমূহত পানীৰ নাটনি হৈছে ৷ ৰাজ্যখনত আমি অতি সোনকালে বিশুদ্ধ খোৱাপানীৰ নাটনিৰ সন্মুখীন হ'ম ৷ এই পৰিস্থিতিত আমাৰ বাবে তামিলনাডুৰ সৈতে পানী ভাগ কৰাটো সম্ভৱ নহয়।"

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, "কাবেৰী পানী নিয়ন্ত্ৰণ সমিতিয়ে আমাক ১৫ দিনৰ বাবে তামিলনাডুলৈ ৫ হাজাৰ কিউচেক পানী এৰি দিবলৈ পৰামৰ্শ দিছিল ৷ আমি এই কাম কৰিব নোৱাৰো ৷ আমি নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম আৰু নাটনিৰ বাবে আমি সন্মুখীন হোৱা সমস্যাৰ বিষয়ে তেওঁলোকক জনাম ৷"

তেওঁ আৰু কয় যে, "আমি কাবেৰীৰ পানীৰ বিষয়ত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰলৈ সৰ্বদলীয় প্ৰতিনিধি দল লৈ যোৱাৰ সিদ্ধান্ত লৈছো ৷ আমি তেওঁক কৰ্ণাটকে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে বুজাম ৷ আমি দিল্লীত সকলো সংসদ সদস্যক সাক্ষাৎ কৰি বিষয়টো আলোচনা কৰোঁ ৷"

লগতে পঢ়ক :Nipah virus: নিপা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ তৎপৰ কেৰালা চৰকাৰ, এনআইভি দল উপস্থিত

ABOUT THE AUTHOR

...view details