নেশ্যনেল ডেস্ক, 3 জুন :চৰণেহে জানে মৰণৰ ঠাই ৷ সমগ্ৰ দেশবাসীৰ দেহ মন শিহৰিত কৰা ভয়াবহ ৰে’ল দুৰ্ঘটনাই সকলোৰে চকু সেমেকাই তুলিছে (Odisha train derailed)৷ ওড়িশাৰ বালাচোৰত শোকাবহ ৰে’ল দুৰ্ঘটনাৰ পাচতে শনিবাৰে ওড়িশা চৰকাৰে শোক দিৱস পালন কৰা কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷ শুকুৰবাৰে নিশা প্ৰায় 7 বজাত সংঘটিত তিনিখনকৈ ৰে’ল দুৰ্ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে (Triple train crash in Odisha)৷
বালাচোৰত সংঘটিত এই ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত বৰ্তমান হোৱা লোকৰ সংখ্যা 238 গৰাকীলৈ বৃদ্ধি হৈছে আৰু 900 জনৰো অধিক আহত হৈছে । এই মৰ্মান্তিক ঘটনাৰ পাচতে শনিবাৰে এদিনীয়া শোক পালনৰ কথা ঘোষণা কৰি, দিনটোত কোনো ৰাজ্যিক অনুষ্ঠান উদযাপন কৰা নহ'ব বুলি ঘোষণা কৰে ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে ৷ ইফালে ভয়াবহ ৰে’ল দুৰ্ঘটনাৰ পাচতে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাৰ সবিশেষ উচ্চ পৰ্যায়ৰ তদন্তৰ কথা ঘোষণা কৰিছে (Train accident in Odisha)। লগতে তেওঁ কয় ‘‘দুৰ্ঘটনাটো দুৰ্ভাগ্যজনক আৰু মৰ্মান্তিক’’ ৷
তৃণমূল কংগ্ৰেছৰ সাংসদ ডোলা সেনে কয়, ‘‘পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে’’ ৷ ইফালে ৰে'লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাৰ মতে, এই দুৰ্ঘটনা সন্ধিয়া প্ৰায় 7 বজাত শালিমাৰ-চেন্নাই ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ 10 পৰা 12 টা ডবা লাইনচ্যুত হৈ বাগৰি পৰাৰ ফলতে বিপৰীত পথত পৰি যায় । প্ৰথমতো দুৰ্ঘটনাৰ কিছু সময়ৰ পিচতে যশৱন্তপুৰৰ পৰা হাওৰালৈ যোৱা আন এখন ৰে’ল লাইনচ্যুত ডবাত খুন্দা মাৰে যাৰ ফলত দ্বিতীয়তো ৰে’ল দুৰ্ঘটনা তথা তৃতীয়খন ৰে’ল বাগৰি পৰে ৷
লগতে পঢ়ক :Balasore train accident : উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰে'লমন্ত্ৰীৰ