অসম

assam

ত্ৰিপুৰা ভ্ৰমণলৈ যাব যোগী আদিত্য নাথ

By

Published : Mar 21, 2022, 10:25 AM IST

ত্ৰিপুৰা ভ্ৰমণৰ উদ্দেশ্যে যাব যোগী আদিত্য নাথ (Yogi Aditiyanath to visit Tripura soon)৷ কেৱল যোগী আদিত্য নাথেই নহয় শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা গোৱা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীয়েও মা ত্ৰিপুৰাসুন্দৰীৰ ভূমিত পদাৰ্পন কৰিব বুলি জনাইছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে ৷

Yogi Aditiyanath to visit Tripura soon
ত্ৰিপুৰা ভ্ৰমণলৈ যাব যোগী আদিত্য নাথ

আগৰতলা, 21 মাৰ্চ : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে দেওবাৰে জানিবলৈ দিয়ে যে, দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব লগীয়া যোগী আদিত্য নাথে অতি সোনকালেই ত্ৰিপুৰা ভ্ৰমণ কৰিব (Yogi Aditiyanath to visit Tripura soon)৷ আগতলাত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যোগীৰ সৈতে তেওঁ ইতিমধ্যে ফোনযোগে বাৰ্তালাপ কৰিছে ৷ যোগী আদিত্য নাথে জনাইছে যে সোনকালেই তেওঁ ত্ৰিপুৰা ভ্ৰমণ কৰিব ৷ কেৱল যোগী আদিত্য নাথেই নহয় শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা গোৱা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীয়েও মা ত্ৰিপুৰাসুন্দৰীৰ ভূমিত পদাৰ্পন কৰিব বুলি জনাইছে বিপ্লৱ কুমাৰ দেবে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকা সম্পৰ্কে বিপ্লব দেবে কয় যে, প্ৰধানমন্ত্ৰী মোদী শাসনলৈ অহাৰ পাচত উত্তৰ-পূৱৰ ৰাজ্যসমূহ বিকাশৰ লহৰৰ সাক্ষী হৈ ৰৈছে (Biplab dev praises PM Modi)৷ সামূহিক পৰিকল্পনাৰ সফল ৰূপায়ন, লগতে আত্মসন্মানেৰে বৰ্তমান জনজাতিসমূহৰ আৰ্থ-সামাজিক জীৱনধাৰণৰ মানদণ্ডৰ উন্নয়ন সাধন কৰাৰ বাবে নিশ্চিত কৰা হৈছে ৷ তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূৱৰ ৰাজ্যকেইখন সন্মান প্ৰদান কৰে ৷ উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল বিকাশৰ একেডাল সূতাৰে বান্ধ খাই আছে ৷

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰি বিপ্লৱ দেবে কয় যে, ‘‘বৰ্তমান সময়ত উত্তৰ-পূৱৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰীয়েই উভয়ে উভয়ৰ অতি ঘনিষ্ঠ ৷ প্ৰায়ে আমি উত্তৰ-পূৰ্বাঞ্চল অঞ্চলত চলি থকা উন্নয়নমূলক কাৰ্যকলাপৰ ওপৰত আমাৰ মতামত ভাগ বতৰা কৰোঁ’’ ৷

উল্লেখ্য যে, অহা 2023 বৰ্ষত অনুষ্ঠিত হ’ব ত্ৰিপুৰা বিধানসভা নিৰ্বাচন (Tripura assembly election)৷ ইতিমধ্যে নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি দল ৰাজ্যখনত এতিয়াৰ পৰাই তৎপৰ হোৱা দেখা গৈছে ৷ বিপ্লৱ দেবে কয় যে, ৰাজ্যখনৰ জনতাই যোৱা চাৰি বছৰত বিকাশ যি ঢৌ দেখিছে তাৰ বাবে পুনৰ বিজেপিকে ৰাজ্যখনত জয়ী কৰাব ৷ ইফালে বাওঁ দলে অভিযোগ কৰি আহিছে যে, বিজেপিৰ শাসন কালত ত্ৰিপুৰাত বৃদ্ধি পাইছে অৰাজকতা আৰু হিংসাত্মক ঘটনা ৷ অৱশ্যে বহু কেইটা নিৰ্বাচনী হিংসাৰ (Political clash in Tripura) সাক্ষী হ’ব লগীয়া হৈছে ত্ৰিপুৰাবাসী ৷

লগতে পঢ়ক :অপেক্ষাৰ অৱসান; দ্বিতীয়বাৰলৈ মণিপুৰৰ ৰাজপাটত এন বিৰেন সিং

ABOUT THE AUTHOR

...view details