নেশ্যনেল ডেস্ক,১৫ আগষ্ট :দেশজুৰি পালন কৰা হৈছে স্বাধীনতা দিৱস । প্ৰতিখন ৰাজ্যৰে মুখ্যমন্ত্ৰীসকলে স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি ৰাইজক সম্বোধন কৰিছে । বিহাৰ চৰকাৰেও স্বাধীনতা দিৱসৰ ব্যাপক আয়োজন কৰিছে । কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সুৰক্ষাত গাফিলতি হোৱা দেখা গৈছে ।
উল্লেখ্য যে স্বাধীনতা দিৱসৰ কাৰ্যসূচী আয়োজন কৰাটো আৰক্ষী প্ৰশাসনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । অনুষ্ঠানটোৰ বাবে প্ৰায় এমাহ আগৰে পৰা প্ৰস্তুতি কৰা হয় । সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত মক ড্ৰিলো কৰা হয় । কিন্তু তাৰ পাছতো বিহাৰৰ ৰাজধানী পাটনাত মুখ্যমন্ত্ৰীৰ সুৰক্ষাক লৈ এক বৃহৎ প্ৰশ্ন উত্থাপন হৈছে । আৰক্ষী বিভাগে শক্তিশালী নিৰাপত্তা ব্যৱস্থাৰ দাবী কৰাৰ পাছতে স্বাধীনতা দিৱসৰ কাৰ্যসূচী মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ভাষণৰ সময়তে নিৰাপত্তাৰ গাফিলতি পোহৰলৈ আহে ।
স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে গান্ধী ময়দানত ভাষণ দি আছিল সেই সময়তে এগৰাকী যুৱকে এখন পোষ্টাৰ লৈ মুখ্যমন্ত্ৰীৰ মঞ্চৰ সন্মুখত প্ৰৱেশ কৰে আৰু নিযুক্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে । মুখ্যমন্ত্ৰীয়েও যুৱকজনৰ প্ৰতিবাদৰ প্ৰতি গুৰুত্ব আৰোপ কৰে আৰু তাৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে যুৱকজনক জিম্মাত লৈ আৰক্ষীৰ হাতত গতাই দিয়ে ।