নেশ্যনেল ডেস্ক, 8 জানুৱাৰী:"বিহাৰৰ পুৰুষসকলে প্ৰতিদিনে যৌন সম্ভোগৰ ক্ষেত্ৰত মনমৰ্জি কৰে, কিন্তু তেওঁলোকৰ এই কথাৰ প্ৰতি ভ্ৰূক্ষেপ নাথাকে যে বাৰে বাৰে সন্তান জন্ম দিব নালাগে ৷ কিন্তু এগৰাকী শিক্ষিত মহিলাই সকলোবোৰ চালি জাৰি চাইহে ভৱিষ্যত পৰিকল্পনা কৰে ৷ বিহাৰত কন্যাৰ শিক্ষাৰ হাৰ বৃদ্ধি হোৱাৰ লগে লগে প্ৰজননৰ হাৰ 2.9 লৈ হ্ৰাস হৈছে ৷ আমি পৰৱৰ্তী ২০ বছৰৰ ভিতৰত এই হাৰ হ্ৰাস কৰি ২ লৈ আনিব বিচাৰো ৷ ইয়াৰ ফলত জনসংখ্যা বৃদ্ধি হোৱাৰ সলনি আৰু হ্ৰাসহে পাব ৷" শনিবাৰে বিহাৰৰ বৈশালীত উপস্থিত হৈ এক বিশাল জনসভাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই মন্তব্য প্ৰকাশ কৰে (Samadhan Yatra at Vaishali) ৷
দেশৰ আন প্ৰান্তৰ লগতে বিহাৰতো অব্যাহত আছে সমাধান যাত্ৰা ৷ এই সমাধান যাত্ৰাত অংশগ্ৰহণ কৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শনিবাৰে সময়ত বৈশালীত উপস্থিত হৈছিল (CM Nitish Kumar on fertility rate)৷ ইয়াত উপস্থিত হৈয়েই তেওঁলোকৰ প্ৰথম কাৰ্যসূচী আছিল গৌৰাউল ব্লকত ৷ তাৰ পৰা ভগৱানপুৰ খণ্ডত আৰু পিছত বিকাত কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল ৷ বীকাত জীৱিকা দিদিৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিহাৰৰ প্ৰজনন হাৰৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে (Fertility Rate in Bihar)৷ ইয়াৰ পিছতে এই মন্তব্যই বিহাৰত বিতৰ্কৰ সৃষ্টি কৰিছে ৷