অসম

assam

ETV Bharat / bharat

Bihar CM demands special state status : বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবী মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ - Bihar special state

বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবী দীৰ্ঘদিনীয়া । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত তীব্ৰ সমালোচনা কৰিছে । শীঘ্ৰে এই দাবী পূৰণ নকৰিলে আন্দোলনৰো হুংকাৰ দিছে ।

Bihar CM demands special state status
বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবী মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 4:11 PM IST

নেশ্যনেল ডেস্ক,১৬ নৱেম্বৰ :বিগত কেইবাবছৰ ধৰি বিহাৰক বিশেষ মৰ্যাদা প্ৰদানৰ দাবী চলি আহিছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰ এবাৰ এই দাবী উত্থাপন কৰিলে । মুখ্যমন্ত্ৰী উদ্যমী যোজনাৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীসকলক চেক প্ৰদান অনুষ্ঠানত বিহাৰক বিশেষ মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰে । পাটনাৰ বাপু প্ৰেক্ষাগৃহত উপস্থিত থাকি নীতিশ কুমাৰে এখন মুকলি মঞ্চৰ পৰাই কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰে ।

তেওঁ কয় যে বিহাৰে যদি বিশেষ মৰ্যাদা লাভ কৰে তেন্তে বিহাৰ আগবাঢ়ি যাব । যদি কেন্দ্ৰীয় চৰকাৰে বিহাৰক বিশেষ মৰ্যাদা প্ৰদান নকৰে তেন্তে বিহাৰে আন্দোলন আৰম্ভ কৰিব বুলিও তেওঁ হুংকাৰ দিয়ে । নীতিশ কুমাৰে দাবী কৰা মতে বিহাৰে ঋণ লৈ ৰাজ্যখন চলাই আছে ।

তেওঁ লগতে সংবাদ মাধ্যমকো সমালোচনা কৰে । নীতিশ কুমাৰে দাবী কৰিছে যে বিহাৰত যথেষ্ট উন্নয়ন হৈছে । কিন্তু সংবাদ মাধ্যমক কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰি আছে । তেওঁৰ মতে এয়া বিহাৰৰ সংবাদ মাধ্যমৰ দোষ নহয় । যিসকলে কেন্দ্ৰৰ পৰা আহি বিহাৰত যিকোনো কথা কয় তেওঁলোকে সংবাদ মাধ্যমত চৰ্চা লাভ কৰে । মুখ্য়মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক অনুৰোধ জনাই যে তেওঁ বিহাৰক বিশেষ মৰ্যাদা দিয়াৰ দাবী জনাইছে নহ'লে তেওঁ আন্দোলন আৰম্ভ কৰিব লাগিব বুলিও উদ্বেগ প্ৰকাশ কৰে । এই দাবীক প্ৰকাশ কৰিবলৈ তেওঁ সংবাদ মাধ্যমক আহ্বান জনায় । বিজেপিক সমালোচনা কৰি নীতিশ কুমাৰে কয় যে বাহিৰৰ পৰা আহি বিহাৰত তেওঁৰ বিৰুদ্ধে কথা কয় আৰু সাংবাদিকসকলে এই সন্দৰ্ভত প্ৰশ্ন সুধিবলৈ অগ্ৰসৰ হয় ।

তেওঁৰ মতে দেশ আৰু বিশ্বত বিহাৰৰ ইতিহাস সকলোৱে জানে । সেয়েহে তেওঁ কেন্দ্ৰীয় চৰকাৰক বিহাৰক বিশেষ মৰ্যাদা প্ৰদানৰ দাবী জনায় । যদি কেন্দ্ৰীয় চৰকাৰে বিহাৰক বিশেষ মৰ্যাদা নিদিয়ে তেন্তে এয়া স্পষ্ট হ'ব যে কেন্দ্ৰীয় চৰকাৰে বিহাৰক আগবাঢ়ি যোৱাটো চাব নিবিচাৰে ।

নীতিশ কুমাৰে লগতে কয় যে বিহাৰ চৰকাৰে অৰ্থনৈতিক সমীক্ষা চলাইছে । অৰ্থনৈতিক সমীক্ষাই বিহাৰৰ সকলো জাতিৰ লোকক লাভান্বিত কৰিব । এতিয়া ৰাজ্যপালৰ স্বাক্ষৰৰ বাবে অপেক্ষা কৰি থকা হৈছে । তেওঁ এই বিষয়ে বিতংভাৱে নক'লেও আশা কৰিছে যে শীঘ্ৰে ৰাজ্যপালে ইয়াত স্বাক্ষৰ কৰিব ।

লগতে পঢ়ক :Rajasthan Election 2023 : ৰাজস্থান নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ বিজেপিৰ; গেহলট চৰকাৰক আক্ৰমণ জে পি নাড্ডাৰ

ABOUT THE AUTHOR

...view details