নেশ্যনেল ডেস্ক, 6 জানুৱাৰী:ওড়িশাৰ ৰুড়কেলাত বৃহস্পতিবাৰে দেশৰ ভিতৰত সৰ্ববৃহৎ হকী ষ্টেডিয়াম (Indias Biggest Hockey Stadium)বীৰচা মুণ্ডা আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়াম (Birsa Munda International Hockey Stadium)উদ্বোধন কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷ ষ্টেডিয়ামখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী পাটনায়কে কয় যে অহা 13 জানুৱাৰীৰ পৰা হ’বলগীয়া পুৰুষৰ এফ আই এইচ হকী বিশ্বকাপ 2023 ৰ পূৰ্বে ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে (CM Naveen Patnaik inaugurates Hockey Stadium)৷ ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামৰ (Kalinga Stadium in Bhubaneswar) পিছতে ৰুড়কেলাৰ নৱনিৰ্মিত এই ষ্টেডিয়ামখনে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশৰ বাবে এই ষ্টেডিয়ামখন ওড়িশাৰ ফালৰ পৰা এক উপহাৰ ৷ আগন্তুক পুৰুষ হকী বিশ্বকাপত ৰুড়কেলাই 44 খন খেলৰ ভিতৰত 20 খন খেল আয়োজন কৰিব ৷ ইফালে বিশ্বকাপৰ চূড়ান্ত খেলখনকে ধকি বাকী 24 খন খেল ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ উল্লেখ্য যে অহা 13 জানুৱাৰীত হ’বলগীয়া স্পেইনৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন খেল বীৰচা মুণ্ডা হকী ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ'ব ৷
জনজাতীয় স্বাধীনতা সংগ্ৰামী বীৰচা মুণ্ডাৰ (Tribal freedom fighter Birsa Munda)নামেৰে নামাকৰণ কৰা নৱনিৰ্মিত ষ্টেডিয়ামখন 146 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ৷ বিজু পাটনায়ক প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ (বিপিইউটি) (Biju Patnaik University of Technology ) চৌহদত 15 একৰ ভূমিত নিৰ্মাণ কৰা ষ্টেডিয়ামখনত মুঠ 21,000 লোক বহিব পৰা ক্ষমতা আছে ৷ ওড়িশা ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমে (আইডিচিঅ') নিৰ্মাণ কৰা ষ্টেডিয়ামখনৰ যোৱা 2021 চনৰ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী নবীন পাটনায়কে আধাৰশিলা স্থাপন কৰিছিল ৷