নিউজ ডেস্ক, ১৪ জুলাই :দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল আম আদমী পাৰ্টি । সেই কথা ইতিমধ্যে প্ৰমাণ কৰিছে দিল্লীৰ কেজৰিৱাল চৰকাৰে । ঠিক একেদৰে চৰকাৰ গঠনৰ পিছতে পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আম আদমী পাৰ্টিৰ উক্ত আদৰ্শ বৰ্তাই ৰাখিব পঞ্জাবতো । ইতিমধ্যে তাৰ প্ৰমাণো দাঙি ধৰিছে ।
পঞ্জাবৰ আম আদমী পাৰ্টি চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধংদেহী অৱস্থাত আছে (Aam Aadmi Party Punjab government against corruption) । ইতিমধ্যে পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ কেবিনেট মন্ত্ৰী আৰু আন কেইবাজনো ৰাজনৈতিক নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । এইবাৰ এই তালিকাত পঞ্জাবৰ আম আদমী পাৰ্টি চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীকো লক্ষ্য কৰি লৈছে (AAP government targeted Charanjit Singh Channi) ।
সংবাদ মাধ্যমৰ প্ৰতিবেদন মতে মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ দ্বাৰা এক বিশেষ তদন্ত সমিতি গঠন কৰা হৈছে (special investigation committee formed by CM Bhagwant Mann) । এই সমিতিখনে প্ৰাক্তন মুখ্যমন্ত্ৰী চান্নীৰ কাৰ্যকালৰ সময়ত পোৱা অনুদানৰ তদন্ত কৰিব ।