নেশ্যনেল ডেস্ক, 12 জুলাই :সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ছিয়ালদাহ মেট্ৰ’ ষ্টেচন উদ্বোধন কৰে ৷ হাওৰা জিলাৰ হাওৰা ময়দান মেট্ৰ’ ষ্টেচনৰ পৰা মেট্ৰ’ ষ্টেচনটো ভাৰ্চুৱেলী উদ্বোধন কৰে বিজেপিৰ জেষ্ঠ নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে(Sealdah Metro inauguration by Smriti Irani) ।
কিন্তু কলকাতা মেট্ৰ’ ৰে’ল কৰ্তৃপক্ষই ছিয়ালদাহ মেট্ৰ’ ষ্টেচন উদ্বোধনৰ বাবে প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰৰ অতিথিৰ তালিকাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নাম অন্তৰ্ভূক্ত নকৰাক লৈ সোমবাৰে ৰাজ্যৰ শাসক পক্ষই মুখ্যমন্ত্ৰীক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰাত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত এক ৰাজনৈতিক মতানৈক্যৰ সৃষ্টি হয়(CM Mamata Banerjee not invited to Metro Rail event) ৷
ইফালে, কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমৰ নামো এই আমন্ত্ৰণী পত্ৰৰ অতিথিৰ তালিকাত অন্তৰ্ভূক্ত নকৰাৰ বাবে মেট্ৰ’ ৰে’ল কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰে(TMC boycotts event) তৃণমূল কংগ্ৰেছে ৷
এই সন্দৰ্ভত কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমে কয় যে, "নিশা মুখ্যমন্ত্ৰীৰ বাসগৃহত কাৰ্ড পেলাব নোৱাৰি । ৰে'ল কতৃপক্ষই এইটো পাহৰি যোৱা উচিত নহয় যে, এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ছিয়ালদাহ মেট্ৰ' ষ্টেচন উদ্বোধন কৰিছে । আৰু এনে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক আমন্ত্ৰণ নকৰাটো সঁচাকৈ এক দুখৰ বিষয় ৷"