অসম

assam

By

Published : Apr 17, 2021, 12:50 PM IST

ETV Bharat / bharat

দিল্লীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত কেজৰিৱালৰ বৈঠক

দিল্লীত ক'ৰণাৰ নতুন ঢৌৰ প্ৰকোপ সৰ্বাধিক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে দিনৰ ১ বজাত এক বৈঠকত মিলিত হ'ব । এই বৈঠকত উপস্থিত থাকিব উপ-মুখ্যমন্ত্ৰী মনিষ চিচোদিয়া আৰু স্বাস্থ্যমন্ত্ৰী সতেন্দ্ৰ জৈন ।

দিল্লীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত কেজৰিৱালৰ বৈঠক
দিল্লীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত কেজৰিৱালৰ বৈঠক

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: দেশত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা ৷ দেশৰ ভিতৰত বিশেষকৈ দিল্লীত ক'ৰণাৰ নতুন ঢৌৰ প্ৰকোপ সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে দিনৰ ১ বজাত এক বৈঠকত মিলিত হ'ব । এই বৈঠকত উপস্থিত থাকিব উপ-মুখ্যমন্ত্ৰী মনিষ চিচোদিয়া আৰু স্বাস্থ্যমন্ত্ৰী সতেন্দ্ৰ জৈন । মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই কথা সদৰী কৰে ।

দিল্লীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত কেজৰিৱালৰ বৈঠক

ইফালে, ৰাজধানী দিল্লীত ক'ৰণাৰ বাবে সাপ্তাহিক কাৰফিউ বাহাল ৰখা হৈছে । ক'ভিড-১৯ ৰ দ্ৰুত সংক্ৰমণৰ বাবে বৃহস্পতিবাৰে দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানীত শুকুৰবাৰে নিশা ১০ বজাৰ পৰা সোমবাৰে পুৱা ৫ বজালৈ সাপ্তাহিক কাৰফিউ জাৰি কৰে । এই সাপ্তাহিক কাৰফিউ মানি চলিবলৈ কেজৰিৱালে দিল্লীবাসীক আহ্বান জনায় । শুকুৰবাৰে, দিল্লীত ১৯,৪৮৬ জন লোক নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হোৱাৰ লগতে ১৪১ জনে প্ৰাণ হেৰুৱায় । এই সংখ্যাই শুকুৰবাৰৰ দিনটোত দিল্লীয়ে অভিলেখ সৃষ্টি কৰে ।

লগতে পঢ়ক: মহাৰাষ্ট্ৰত হঠাৎ অক্সিজেনৰ মূল্যবৃদ্ধি

ABOUT THE AUTHOR

...view details