গুৱাহাটী, 13 এপ্ৰিল :কথিত আছে যে, ভগৱান শ্ৰীকৃষ্ণই ভাৰতবৰ্ষৰ এই পূৱ প্ৰান্তৰ পৰা লৈ গৈছিল ৰুক্মিণীক । কেবল লৈ যোৱাই নহয়, এই পূৱ প্ৰান্তৰ ঠিক বিপৰীতে থকা ভাৰতবৰ্ষৰ সিটো মূৰে অৰ্থাৎ গুজৰাটৰ পৌৰবন্দৰৰ সমীপৰ মাধৱপুৰত বিবাহ সম্পন্ন হৈছিল শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ । সেয়েহে গুজৰাটৰ জনতাই এই মাধৱপুৰক পবিত্ৰ স্থান বুলি গণ্য কৰি আহিছে ।
প্ৰতি বছৰে এই পবিত্ৰ স্থানত অনুষ্ঠিত হয় মাধৱপুৰ ঘেড ফেয়াৰ বা বিশাল মাধৱপুৰ মেলা 2022 (Madhavpur Mela 2022) । য’ত অংশগ্ৰহণ কৰে লক্ষাধিক লোকে । এই মেলাত ভাগ ল’বলৈকে সম্প্ৰতি গুজৰাটত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM to attend Madhavpur Mela in Gujarat's Porbandar) । মঙলবাৰে গুৱাহাটীৰ পৰা গুজৰাট অভিমুখে উৰা মাৰে মুখ্যমন্ত্ৰীগৰাকী । অৱশ্যে বুধবাৰে সন্ধিয়াৰ ভাগলৈ মুখ্যমন্ত্ৰী গুৱাহাটীলৈ উভতি অহাৰ কথা ।