নিউজ ডেস্ক, 13 মে’: শনিবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৰ্ণাটকৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে যেন এক প্ৰকাৰ মানি ল’লে নিজৰ পৰাজয় ৷ তেওঁ কয়, “প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দলৰ তৃণমূল কৰ্মীলৈকে সকলোৱে বহু প্ৰচেষ্টা চলোৱাৰ পিচতো আমি মেজিক সংখ্যাৰ কাষ চাপিব নোৱাৰিলোঁ । আমি ফলাফল ওলোৱাৰ পিচত ইয়াৰ বিশদ বিশ্লেষণ কৰিম । এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাবে বিভিন্ন স্তৰত কি কি ব্যৱধান আৰু অভাৱ ঘটিল সেয়া পৰ্যালোচনা কৰিম ৷’’ হাভেৰীত সাংবাদিকৰ আগত বোম্মায়ে এইদৰে কয় (CM Bommai concedes defeat)।
কৰ্ণাটকত পুনৰ উত্থান ঘটা কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে ৷ অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ পৰা কৰ্ণাটকৰ ক্ষমতা দখল কৰাৰ পথ প্ৰায় প্ৰশস্ত হোৱা কাৰ্যই কংগ্ৰেছৰ মনোবল বৃদ্ধি কৰিব । শেহতীয়া ধাৰা অনুসৰি এম মল্লিকাৰ্জুন খাৰ্গে নেতৃত্বাধীন দলটো 97 টা সমষ্টিত জয়ী হৈছে আৰু 34 টা সমষ্টিত আগবাঢ়ি আছে ৷ কৰ্ণাটক বিধানসভাৰ মুঠ আসনৰ সংখ্যা 224 আৰু সংখ্যা গৰিষ্ঠতাৰ বাবে 113 খন আসনৰ প্ৰয়োজন ৷ বৰ্তমান কংগ্ৰেছ দলে মুঠ 131 খন আসনত অধিকাৰ সাব্যস্ত কৰি থকা দেখা গৈছে (Karnataka poll results updates) ৷
বিগত বিধানসভা নিৰ্বাচনত 104 খন আসন লাভ কৰা বিজেপিয়ে 51 খন আসনত জয়লাভ কৰাৰ বিপৰীতে 17 খন আসনত আগবাঢ়ি আছে ৷ ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ জেডি(এছ) এ 15 খন আসনত জয়লাভ কৰাৰ বিপৰীতে 6 খনত অগ্ৰগতি লাভ কৰি আছে বৰ্তমানলৈ (Karnataka poll counting)।
আনহাতে মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই (শিগাও), প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া (বৰুণা), ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ (কনাকপুৰা) আৰু জেডি(এছ) নেতা এইচ ডি কুমাৰাস্বামী (চন্নপট্না) নিজ নিজ সমষ্টিত জয়ী হৈছে ৷ কুমাৰাস্বামীৰ পুত্ৰ নিখিল (ৰামানগৰ), বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চি টি ৰবি (চিক্কামাগালুৰু) আৰু কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শেত্তাৰ (হুবলি-ধাৰৱাদ কেন্দ্ৰীয়) সমষ্টিত পিছ পৰি আছে (Karnataka poll counting updates)।