নিউজ ডেস্ক, 19 জুন:মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে সোমবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যখনৰ একাংশ সাহায্য শিবিৰ পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে অতি সোনকালে ৰাইজক অস্থায়ীভাৱে ৰখাৰ বাবে প্ৰি-ফেব্ৰিকেটেড ঘৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কয়, "মই কিছুমান সাহায্য শিবিৰ পৰিদৰ্শন কৰিলোঁ ৷ বহু মানুহ ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্য চৰকাৰে সাময়িকভাৱে তেওঁলোকক ৰখাৰ বাবে প্ৰি-ফেব্ৰিকেটেড ঘৰ নিৰ্মাণ কৰিবলৈ ওলাইছে ।" তেওঁ আৰু কয়, "প্ৰায় 3000-4000, ঘৰ নিৰ্মাণ কৰা হ'ব, আমি গৰ নিৰ্মাণৰ বাবে স্থান বিচাৰিছোঁ ।"
18-19 জুনৰ মাজৰ নিশা অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে কান্তো সবালৰ পৰা চিংমাং গাঁৱৰ দিশে গুলীচালনা কৰাত ভাৰতীয় সেনাৰ এজন জোৱান আহত হয় ৷ এই বিষয়ে পৰ্যবেক্ষণৰ বাবে এখন নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰে মুখ্যমমন্ত্ৰী বীৰেন সিঙে ৷ তেওঁ কয়, ‘‘এতিয়া মই এখন নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰিম ৷ এই ঘটনা কিদৰে সংঘটিত হ’ল আৰু ভৱিষ্যতে ইয়াক কিদৰে প্ৰতিহত কৰিব পৰা যাব সেই বিষয়ে পৰ্যবেক্ষণ কৰা হ’ব ৷ এনে ধৰণৰ কাৰ্য-কলাপ অতি শীঘ্ৰে বন্ধ হ’ব লাগিব ৷’’ গুলীবিদ্ধ হোৱা সেনা জোৱানজনক উদ্ধাৰ কৰি লেইমাখঙৰ সেনা হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ ৷
এটা টুইটযোগে স্পিয়াৰ কৰ্পছে কয়, "18/19 জুনৰ নিশা কান্টো ছাবালৰ পৰা চিংমাং গাঁৱৰ দিশে গুলীচালনা কৰিছিল সশস্ত্ৰ দুৰ্বৃত্তই । অঞ্চলটোত গাঁৱৰ মানুহৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেনা জোৱানসকলেও গুলীৰ প্ৰত্যুত্তৰ দিয়ে । এজন জোৱান গুলীবিদ্ধ হয় ৷ তেওঁক সামৰিক চিকিৎসালয় লেইমাখংলৈ স্থানান্তৰ কৰা হৈছে আৰু বৰ্তমান তেওঁ সুস্থিৰ হৈ আছে ।’’