আগৰতলা,২ ফেব্ৰুৱাৰী :কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে সদনত দাখিল কৰিলে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট । ইয়াৰ পাছতে বাজেট সম্পৰ্কে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী পক্ষই এই বাজেটক সমালোচনা কৰাৰ সময়তে শাসকীয় পক্ষই আকৌ যথেষ্ট প্ৰশংসা কৰিছে এই বাজেটক । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱেও এই বাজেটক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ ৰাইজ আৰু কৃষক পন্থী বাজেট দাখিল কৰিছে (CM Biplab Kumar Dev praises Union Budget)। এই বাজেটক ঐতিহাসিক আখ্যা মুখ্যমন্ত্ৰীৰ কিয়নো ই আছিল ডিজিটেল বাজেট । বিপ্লৱ কুমাৰ দেৱ আশাবাদী যে প্ৰধানমন্ত্ৰী মোডীৰ সপোনৰ নতুন ভাৰতৰ নিৰ্মাণৰ বাবে এই বাজেটে কাম কৰিব । অহা ২৫ বছৰত ভাৰতবৰ্ষ কেনে হ'ব এই বাজেটৰ জৰিয়তে তাৰ পৰিকল্পনা কৰা হৈছে ।
বুধবাৰে সন্ধিয়া এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ মতে কৃষকসকলৰ সুবিধাৰ্থে এই বাজেটত বিভিন্ন ধৰণৰ ঘোষণা কৰা হৈছে । তেওঁৰ মতে এই বাজেট কৃষক আৰু দৰিদ্ৰৰ কল্যাণৰ বাবে প্ৰস্তুত কৰা হৈছে । অৰ্থনীতিৰ সকলো ক্ষেত্ৰকে এই বাজেটে লাভান্বিত কৰিব বুলিও আশাবাদী মুখ্যমন্ত্ৰীগৰাকী ।